মৰাণ, ২৩ ফেব্ৰুৱাৰী: মঙলবাৰে ৰাজহ আৰু গড়কাপ্তানী বিভাগৰ মন্ত্ৰী যোগেন মহনে দিচাং নদীৰ বান প্ৰতিৰোধ আঁচনিৰ শুভাৰম্ভ কৰে । দিচাং নদীৰ ভেলৌগুৰি, গৰিয়াগাঁও, উৰিয়াঘাটৰ লগতে সোঁপাৰৰ জপাইধৰা আৰু চেত্ৰী কৰ্ণা অঞ্চলত শুভাৰম্ভণি কৰে এই আঁচনি ৷
এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত মন্ত্ৰী গৰাকীৰ লগতে কেইবাগৰাকী স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে বাৰিষাৰ আগে আগে এই আঁচনিৰ কাম সম্পূৰ্ণ হ'ব বুলি মন্ত্ৰী গৰাকীয়ে কৰিলে আশ্বাস প্ৰদান ৷