ETV Bharat / state

তাঁতশাল কেন্দ্ৰ উদ্বোধন মন্ত্ৰী যোগেন মহনৰ

author img

By

Published : Feb 8, 2021, 9:07 PM IST

মৰাণৰ সমীপৰ মাহমৰাত মন্ত্ৰী যোগেন মহনে উদ্বোধন কৰিলে গামোচা বোৱা-কটা কেন্দ্ৰ । নিৰ্বাচনৰ প্ৰাকক্ষণত উদ্বোধন কৰে এই কেন্দ্ৰটো ।

মন্ত্ৰী যোগেন মহনে উদ্বোধন কৰিলে গামোছা বোৱা-কটা কেন্দ্ৰ

মৰাণ,৮ ফেব্ৰুৱাৰী: নিৰ্বাচনৰ প্ৰাকক্ষণত সোমবাৰে ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৰ মাহমৰাত ৰাজহ আৰু গড়কাপ্তানী মন্ত্ৰী যোগেন মহনে এটা তাঁতশাল কেন্দ্ৰ উদ্বোধন কৰে । অসম চৰকাৰৰ অ-নিৰ্ধাৰিত ২০১৮-১৯ বৰ্ষৰ বিধায়কৰ সমষ্টি উন্নয়ন পুঁজিৰে নিৰ্মাণ কৰা বালিখুঁটি তাঁতশাল কেন্দ্ৰৰ উদ্বোধন কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনে । কেন্দ্ৰটো উদ্বোধন কৰি মন্ত্ৰীগৰাকীয়ে স্থানীয় লোকসকলক ই-স্বাৱলম্বী হৈ উঠাত উদগনি যোগাব বুলি আশা ব্যক্ত কৰে ।

উল্লেখযোগ্য যে, অসমীয়া মানুহৰ প্ৰত্যেক ঘৰে-ঘৰে থকা তাঁত শিল্প অসমৰ অৰ্থনৈতিক জীৱনৰ এক এৰাব নোৱাৰা দিশ । বোৱা-কটাত অসমীয়া শিল্পীয়ে অৰ্থাৎ শিপিনীয়ে নিজস্ব প্ৰতিভা প্ৰদৰ্শন কৰি আহিছে । জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো অসমীয়া মহিলাই বোৱা-কটা জনাতো অসমৰ সামাজিক জীৱনৰ গৌৰৱময় দিশ আছিল ৷ কিন্তু যান্ত্ৰিকতা আৰু আধুনিক জীৱন-ধাৰণৰ প্ৰণালীয়ে তাঁতশালখন সমাজৰ পৰা ইতিহাস কৰিছিল যদিও আজিৰ দিনতো বহুতৰ বাবে আত্মনিৰ্ভৰশীল হোৱাৰ মাধ্যমেই হৈছে তাঁতশাল ।

লগতে পঢ়ক: অসম লোকসেৱা আয়োগৰ নতুন অধ্যক্ষ ৰাজীৱ কুমাৰ বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.