ETV Bharat / state

International Labour Day 2022 : শ্ৰমিকসকললৈ বিশেষ আহ্বান মন্ত্ৰী যোগেন মহনৰ - ৰাজ্যজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক শ্ৰমিক দিৱস

আজি ৰাজ্যজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক শ্ৰমিক দিৱস (International Labour Day celebrates in Assam)। এই দিনটোত শ্ৰমিকসকলক শুভেচ্ছা জনোৱাৰ লগতে তেওঁলোকক বিশেষ আহ্বান জনালে মন্ত্ৰী যোগেন মহনে । আনহাতে কলগাছিয়াত মটৰ শ্ৰমিক ইউনিয়নৰ উদ্যোগত শ্ৰমিক দিৱস পালন । মটৰ শ্ৰমিকৰ বিভিন্ন দাবী পূৰণ কৰিবলৈ চৰকাৰক আহ্বান সংগঠনটোৰ ।

minister-jogen-mahan-greets-workers-on-labour-day
শ্ৰমিকসকললৈ বিশেষ আহ্বান মন্ত্ৰী যোগেন মহনৰ
author img

By

Published : May 1, 2022, 2:13 PM IST

ডিব্ৰুগড়/কলগাছিয়া, ১ মে' : আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস (International Labour Day 2022)। শ্ৰমিকসকলৰ সন্মানৰ অৰ্থে বিশ্বজুৰি পালন কৰা হৈছে এই দিৱসৰ । সমান্তৰালকৈ অসমৰো ভিন্ন প্ৰান্তত শ্ৰমিক দিৱসৰ বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে । এই বিশেষ দিনটোত দেশ নিৰ্মাণত নিয়োজিত হৈ থকা প্ৰতিগৰাকী শ্ৰমিকক দিৱসৰ শুভেচ্ছা জনালে মন্ত্ৰী যোগেন মহনে (Minister Jogen Mahan greets workers on Labour Day)।

মন্ত্ৰীগৰাকীয়ে কয় যে শ্ৰমিকৰ জীৱনৰ মানদণ্ড উন্নত কৰিবলৈ চৰকাৰে চেষ্টা অব্যাহত ৰাখিছে । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে শ্ৰমিকসকলৰ বাবে বিভিন্ন ধৰণৰ আঁচনি ৰূপায়ণ কৰিছে । এই আঁচনিসমূহ গ্ৰহণ কৰিবলৈ সকলো শ্ৰমিককে আহ্বান জনায় মন্ত্ৰী গৰাকীয়ে ।

মন্ত্ৰী যোগেন মহন

ইফালে বৰপেটা জিলাৰ কলগাছিয়াটো শ্ৰমিক দিৱস পালন কৰা হৈছে । কলগাছিয়া চাৰিআলি চকত কলগাছিয়া মটৰ শ্ৰমিক ইউনিয়নৰ উদ্যোগত এই দিৱস উদযাপন কৰা হয় (Kalgachia Motor Labour Union celebrates Labour Day)। পুৱা পতাকা উত্তোলন কৰাৰ লগতে মটৰ শ্ৰমিকসকলৰ বিভিন্ন দাবী সম্বলিত শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে শ্ৰমিকসকলে ।

শ্ৰমিক নেতা চানমামুদ আহমেদে আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে চৰকাৰক সাম্প্ৰদায়িক ৰাজনীতি বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ লগতে শ্ৰমিকসকলৰ দাবীসমূহ উত্থাপন কৰে (Demand of Kalgachia Motor Labour Union)।

আনহাতে মে' দিৱস উপলক্ষে "মনন পাৰিপাৰ্শ্বিক আৰু বৌদ্ধিক অন্বেষণ"ৰ উদ্যোগত দেওবাৰে সন্ধিয়া এক ভাৰ্ছুৱেল আলোচনা চক্ৰৰ আহ্বান জনোৱা হৈছে । সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ, শিক্ষাবিদ লেখক দীনেশ বৈশ্যই এই আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব বুলি সংগঠনৰ কাৰ্যকৰী সভাপতি ইফতিকাৰ আলি আহমেদে জানিবলৈ দিয়ে ।

লগতে পঢ়ক :কংগ্ৰেছৰ বিৰুদ্ধে অপপ্ৰচাৰ চলিছে: সাংসদ প্ৰদ্যুৎ বৰদলৈ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.