ETV Bharat / state

এএমচিৰ কৰ্কট চিকিৎসালয়ত কেম' সেৱা মুকলি হিমন্ত বিশ্ব শৰ্মাৰ

author img

By

Published : Jun 5, 2020, 5:12 PM IST

শুকুৰবাৰে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসম চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণৰত,কৰ্কট চিকিৎসালয়ৰ দুবিধ জৰুৰী সেৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷

minister himanta biswa sarma inaugurated emergeny service in amc cancer hospital

ডিব্ৰুগড়, 5 জুনঃ ৰাজ্য চৰকাৰ আৰু Assam Cancer Care Foundationৰ অধীনত,টাটা ট্ৰাষ্টৰ সহযোগিতাত অসম চিকিৎসা মহাবিদ্যালয়ত নিৰ্মাণৰত কৰ্কট চিকিৎসালয়ৰ দুবিধ জৰুৰী সেৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই সেৱাৰ জৰিয়তে চিকিৎসালয়ত সদ্যহতে কেম' থেৰাপি আৰু চেপ্তেম্বৰৰ পৰা ৰেডিয়েশ্যনৰ ব্যৱস্থা উপলব্ধ হ'ব ৷ ইতিমধ্যে এই সেৱাৰ বাবে নিযুক্তি দিয়া হৈছে 50 জনীয়া উন্নত চিকিৎসা সেৱাৰ দল ৷

এএমচিৰ কৰ্কট চিকিৎসালয়ত কেম' সেৱা মুকলি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

কেইবাটাও কাৰ্যসূচী লৈ শুকুৰবাৰে পুৱা উজনিৰ কেইবাখনো জিলালৈ যোৱা স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে পোন প্ৰথমে অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে ৷ এই সভাত মন্ত্ৰী সঞ্জয় কিষাণ,সুৰেণ মোহনৰ ওপৰিও ডিব্ৰুগড়,লাহোৱাল,দুলীয়াজান আদি সমষ্টিৰ বিধায়কসকলৰ লগতে, কেইবাটাও বিভাগৰ বিষয়া,অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষসহ কৰ্তৃপক্ষৰ লোক উপস্থিত থাকে ৷ পৰৱৰ্তী সময়ত অসম চিকিৎসা মহাবিদ্যালয়ৰ বহিঃৰোগ বিভাগত এটা স্ক্ৰীনিং কেন্দ্ৰও মুকলি কৰে ৷ তাৰ পিচতেই তেওঁ লাহোৱালৰ আই চি এম আৰত উপস্থিত হৈ কৰ্তৃপক্ষৰে এখন আলোচনাত মিলিত হোৱাৰ লগতে কৰ্তমৰ্তা সকলৰ খবৰ লয় ৷ ইফালে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে আই চি এম আৰত এটি গছপুলিও ৰোপণ কৰে ৷

লগতে পঢ়কঃ বিষ্ণু পুস্কৰৰ মাছ-কাচৰ অস্বাভাবিক মৃত্যুৰ স্থায়ী সমাধান বাবে গুৰুত্বপূৰ্ণ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.