ETV Bharat / state

বিমল বৰাৰ গৃহ সমষ্টিত শক্তি খণ্ডৰ চমক - বিমল বৰাৰ গৃহ সমষ্টিত শক্তি খণ্ডত চমক

শক্তি মন্ত্ৰী বিমল বৰাৰ গৃহ সমষ্টিত শক্তি খণ্ডৰ চমক ৷ জুলাই মাহত টিংখাং বৈদ্যুতিক উপ-সংমণ্ডলে অভিলেখ পৰিমাণৰ বিদ্যুৎ মাচুল সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ বিগত বৰ্ষৰ জুলাই মাহত প্ৰায় ৮০ লাখ টকাৰ বিদ্যুৎ মাচুল সংগ্ৰহৰ পৰিৱৰ্তে চলিত বৰ্ষৰ জুলাই মাহত শক্তি বিভাগে সংগ্ৰহ কৰিছে ১ কোটি ৯৬ লাখ টকা ৷

minister bimal boras constituency earned huge amount of electricity bill in july
বিমল বৰাৰ গৃহ সমষ্টিত শক্তি খণ্ডত চমক
author img

By

Published : Aug 6, 2021, 2:16 PM IST

টিংখাং, 6 আগষ্ট: জুলাই মাহত অভিলেখ সংখ্যক বিদ্যুৎ মাচুল সংগ্ৰহেৰে শক্তি মন্ত্ৰীৰ গৃহ সমষ্টিয়ে চমক সৃষ্টি কৰিছে ৷ শক্তি মন্ত্ৰী বিমল বৰাৰ গৃহ সমষ্টিৰ টিংখাং বৈদ্যুতিক উপ-সংমণ্ডলত জুলাই মাহত অভিলেখ সংখ্যক বিদ্যুৎ মাচুল সংগ্ৰহ হৈছে ৷

প্ৰাপ্ত তথ্য অনুসৰি, অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ অধীনত জুলাই মাহত ডিব্ৰুগড় জিলাৰ 7 টা বৈদ্যুতিক উপ-সংমণ্ডলৰ (sub- division) ৰ পৰা মুঠ 120 শতাংশ মাচুল সংগ্ৰহ হৈছে ৷ মূলতঃ শক্তি খণ্ডক অধিক গতিশীলতা প্ৰদান কৰাৰ উদ্দেশ্যে অনাদায় বিদ্যুৎ মাচুল সংগ্ৰহৰ ক্ষেত্ৰত শেহতীয়াকৈ শক্তিমন্ত্ৰী বিমল বৰাৰ নেতৃত্বত ৰাজ্যজুৰি শক্তি বিভাগে ব্যাপক তৎপৰতা গ্ৰহন কৰিছে ৷

বিমল বৰাৰ গৃহ সমষ্টিত শক্তি খণ্ডত চমক

লগতে পঢ়ক: অস্তিত্বৰ সংকটত আহোম যুগৰ বৰ মেছলৌ-সৰু মেছলৌ

সেই অনুসৰি, জিলাখনত মুঠ 30.5 কোটি টকাৰ মাচুল সংগ্ৰহ কৰা হৈছে ৷ ইয়াৰে টিংখাং বৈদ্যুতিক উপ-সংমণ্ডলত ৰাজ্যখনৰ ভিতৰতে অভিলেখ সংখ্যক মাচুল সংগ্ৰহ হৈছে ৷ উল্লেখযোগ্য যে, টিংখাং বৈদ্যুতিক উপ-সংমণ্ডলত জুলাই মাহত মুঠ ২০২ % বিদ্যুৎ ৰাজহ সংগ্ৰহ হোৱাটো এক উল্লেখনীয় দিশ হিচাপে বিবেচিত হৈছে ৷

মন কৰিবলগীয়া যে, টিংখাং বৈদ্যুতিক উপ-সংমণ্ডলৰ অধীনত বিগত বৰ্ষৰ জুলাই মাহত প্ৰায় ৮০ লাখ টকাৰ বিদ্যুৎ মাচুল সংগ্ৰহ হৈছিল ৷ ইয়াৰ বিপৰীতে চলিত বৰ্ষৰ জুলাই মাহত শক্তি বিভাগে ১ কোটি ৯৬ লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ এনে অভিলেখ পৰিমাণৰ মাচুল সংগ্ৰহৰ পাচত স্বাভাৱিকতেই উৎফুল্লিত হৈ পৰিছে টিংখাং বৈদ্যুতিক উপ-সংমণ্ডলৰ বিষয়া কৰ্মচাৰী সকল ৷

লগতে পঢ়ক: টিংখাং-দুলীয়াজানৰ সংযোগকাৰী হিচাপে পৰিচিত টুলুঙা নাও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.