ETV Bharat / state

টিংখাঙত বায়'ফ্লকৰ শুভাৰম্ভণি কৰিলে মন্ত্ৰী বিমল বৰাই - dibrugarh district

প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত ডিব্ৰুগড়ৰ টিংখাঙত নিৰ্মাণ কৰা হৈছে এটা বায়'ফ্লক(Biofloc) । মঙলবাৰে বায়'ফ্লক(Biofloc)টোৰ শুভাৰম্ভণি কৰে শক্তি মন্ত্ৰী বিমল বৰাই । মৎস্য উৎপাদনত সহায়ক হোৱাকৈ ৭,৫০,০০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই বায়'ফ্লকটো ।

Minister Bimal Borah Inaugurated a biofloc at Dibrugarh
টিংখাঙত বায়'ফ্লকৰ শুভাৰম্ভণি কৰিলে মন্ত্ৰী বিমল বৰাই
author img

By

Published : Aug 17, 2021, 4:46 PM IST

মৰাণ, ১৭ আগষ্ট: মৎস্য উৎপাদনৰ ক্ষেত্ৰত উদ্যমী মীন পালকসকলক সহায় কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা শীৰ্ষক এখন আঁচনিৰ গ্ৰহণ কৰিছে । এই আঁচনিৰ জৰিয়তে দেশৰ মীন পালকসকলক আৰ্থিক সাহায্য প্ৰদান কৰা হয় । এতিয়া ডিব্ৰুগড় জিলাৰ যুৱক-যুৱতীসকলেও এই আঁচনিৰ সুবিধা গ্ৰহণ কৰি মৎস্য উৎপাদনেৰে স্বাৱলম্বী হোৱাত গুৰুত্ব আৰোপ কৰিছে ।

মীন বিভাগে যুৱক-যুৱতীসকলক উৎসাহিত কৰিবলৈ বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে । শেহতীয়াকৈ জিলাখনৰ টিংখাঙৰ টিপমীয়া গাঁৱৰ বিজয়লক্ষ্মী বৰুৱাৰ উদ্যোগত আৰু মীন বিভাগৰ সহযোগত বায়'ফ্লক নিৰ্মাণ কৰা হৈছে । ৭,৫০,০০০ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই বায়'ফ্লকটো ।

Minister Bimal Borah Inaugurated a biofloc at Dibrugarh
টিংখাঙত বায়'ফ্লকৰ শুভাৰম্ভণি কৰিলে মন্ত্ৰী বিমল বৰাই

মঙলবাৰে শক্তি মন্ত্ৰী বিমল বৰাই এই বায়'ফ্লক(Biofloc)টো উদ্বোধন কৰে ।

লগতে মন্ত্ৰীজনে একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনাৰ অধীনত অঞ্চলটোৰ উদীয়মান মীন পালকসকললৈ দুচকীয়া আৰু তিনিচকীয়া বাহন আগবঢ়ায় । লগতে আৰ্থিকভাৱে সহায় কৰাৰ বাবে বিভাগে চেক বিতৰণ কৰে । উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ডিজিটেল মাধ্যমেৰে ২০২০বৰ্ষৰ ১০ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী মৎস্য সম্পদ যোজনা চমুকৈ PMMSY গ্ৰহণ কৰিছিল ।

PMMSYৰ যোগেদি তেতিয়াৰ অতিৰিক্ত ৭০ লাখ টন মৎস্য উৎপাদন ২০২৪-২৫ চন পৰ্যন্ত বৃদ্ধি কৰাৰ লক্ষ্য হাতত লয় । ইয়াৰ জৰিয়তে ২০২৪-২৫ বৰ্ষলৈ মাছৰ ৰপ্তানিৰ যোগেদি ১,০০,০০০ কোটি টকালৈকে লাভ কৰাৰ লক্ষ্য স্থিৰ কৰিছিল চৰকাৰে । এই আঁচনিৰ জৰিয়তে লাভৱান হোৱাৰ আশা প্ৰকাশ কৰিছে মীন পালকসকলে ।

লগতে পঢ়ক:স্বাধীনতা দিৱসৰ দিনটোত উপেক্ষিত কনকলতাৰ প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.