মৰাণ, 29 মে': কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইন কাৰ্যকৰী কৰিবলৈ তৎপৰতা প্ৰদৰ্শন কৰা লগে লগেই অসমত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । অসমত নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰিবলৈ দিয়া নহ'ব বুলি ৰাজ্যৰ জাতীয় সংগঠনসমূহৰ নেতৃত্বই ইতিমধ্যে মত প্ৰকাশ কৰিছে ৷ কেন্দ্ৰীয় চৰকাৰৰ এই তৎপৰতাৰ বিৰুদ্ধে ৰাজ্যত প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাচতে সাংস্কৃতিক, ক্ৰীড়া আৰু শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে দেশত 'কা'ৰ জৰিয়তে হিন্দু শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ বাবে আবেদন আহ্বান কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে নাগৰিকত্ব আইন আগতেও সংশোধন হৈছিল এতিয়াও হৈছে বুলি মন্তব্য কৰে ৷ এইয়া এখন আইন আৰু আইনৰ নীতি নিয়মৰ মাজেৰে সকলো হ'ব বুলি মন্তব্য কৰাৰ লগতে এই আইনৰ জৰিয়তে অসমলৈ নতুনকৈ কোনো লোক নাহে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷
লগতে পঢ়ক: পিতৃৰ চিকিৎসাৰ বাবে মুখ্যমন্ত্ৰীক সহায় ভিক্ষা এগৰাকী কণমানিৰ