ETV Bharat / state

নাহৰকটীয়াত উলহ-মালহৰে উদযাপন কৰা হ’ল মেৰবিল উৎসৱ

author img

By

Published : Feb 9, 2021, 10:23 AM IST

উজনি অসমৰ অন্যতম পৰ্যটনৰ আকৰ্ষণ কেন্দ্ৰ নাহৰকটীয়াৰ ঐতিহাসিক মেৰবিলত দেওবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে মেৰবিল উৎসৱৰ। বিভিন্ন জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন, থলুৱা পৰম্পৰাগত খাদ্য মেলা, বাণিজ্য মেলা আদি আয়োজন কৰা এই মেৰবিল উৎসৱত দেওবাৰে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয় ৷ চাচনী মেৰবিল পৰিবেশ পৰ্যটন প্ৰকল্পৰ সভাপতি মাণিক গগৈ আৰু উদযাপন সমিতিৰ সভাপতি ড৹ জ্যোতি প্ৰসাদ কোঁৱৰে কৰা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন কাৰ্য্যসূচীৰে কৰা হয় শুভাৰম্ভ ।

নাহৰকটীয়াত উলহ-মালহৰে উদযাপন কৰা হ’ল মেৰবিল উৎসৱ
নাহৰকটীয়াত উলহ-মালহৰে উদযাপন কৰা হ’ল মেৰবিল উৎসৱ

মৰাণ,9 ফেব্ৰুৱাৰীঃ উজনি অসমৰ পৰ্যটনৰ অন্যতম আকৰ্ষণ কেন্দ্ৰ নাহৰকটীয়াৰ ঐতিহাসিক মেৰবিলত দেওবাৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰিছে মেৰবিল উৎসৱৰ । বিভিন্ন জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন, থলুৱা পৰম্পৰাগত খাদ্য মেলা, বাণিজ্য মেলা আদি আয়োজন কৰা এই মেৰবিল উৎসৱত দেওবাৰে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ হয় চাচনী মেৰবিল পৰিবেশ পৰ্যটন প্ৰকল্পৰ সভাপতি মাণিক গগৈ আৰু উদযাপন সমিতিৰ সভাপতি ড৹ জ্যোতি প্ৰসাদ কোঁৱৰে কৰা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পন কাৰ্য্যসূচীৰে।

ইয়াৰ পিছতেই বৃক্ষ ৰোপণ, মাংগলিক অনুষ্ঠান আদি অনুষ্ঠিত হোৱাৰ পিছতেই উৎসৱৰ শুভাৰম্ভ কৰে অনুষ্ঠানৰ অন্যতম উদ্যোক্তা অইলৰ মুখ্য প্ৰশাসনিক বিষয়া দিলীপ কুমাৰ ভূঞাই। লগতে জয়পুৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত কুমাৰ বুঢ়াগোহাঁইয়ে বাণিজ্য মেলা, প্ৰদৰ্শনী আৰু গ্ৰন্থমেলাৰ দ্বাৰ উন্মোচন, আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামীয়ে নৰোত্তম বাটচ'ৰা উন্মোচন কৰাৰ লগতে জলকোঁৱৰৰ পৱিত্ৰ ক্ষেত্ৰৰ নৱনিৰ্মিত পথ উদ্বোধন কৰে উদীয়মান যুৱ সমাজকৰ্মী তথা বিজেপিৰ ৰাজ্যিক সম্পাদক তৰংগ গগৈয়ে।

আনহাতে টিংখাং বিধান সভা সমষ্টিৰ বিধায়ক বিমল বৰাই জলফুঁৱাৰা যুক্ত পুখুৰী উদ্বোধন কৰাৰ পিছতেই জলকোঁৱৰ আৰু কইনা দ্বিতীয়(আইটি)ৰ প্ৰতিমূৰ্তি উন্মোচন কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সহধৰ্মিনী স্বপ্নালী মহন্তই । বিধায়ক নৰেন সোনোৱালে শিশু উদ্যান মুকলি কৰাৰ লগতে সাংস্কৃতিক মঞ্চ উদ্বোধন কৰে মেৰবিল গাঁও পঞ্চায়তৰ সভাপতি জোনটি বড়াই।

সোমবাৰে পৰিবেশ চাফাই কাৰ্যসূচীৰে দিনটোৰ কা কাৰ্যৰ্ক্ৰমণিকা আৰম্ভ হোৱাৰ অন্তত প্ৰথম কাৰ্যসূচী ৰূপায়ন কৰা হয় চাচনী জুনিয়ৰ কলেজৰ অধ্যক্ষ অৰুণ চাংমাই আৰু চাচনী সাহিত্য সভাৰ সভাপতি পুলিন কুমাৰ গগৈয়ে মুখ্য প্ৰজ্বলকৰ ভূমিকা পালন কৰা স্মৃতি বেদীত বন্তি প্ৰজ্বলনেৰে।

আনহাতে বৃক্ষ ৰোপণ, উদযাপন আৰু প্ৰকল্প উন্নয়ন সমিতিৰ চমু বৈঠক আৰু পৰ্য্যালোচনা অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছতেই বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক অনুষ্ঠান শুভাৰম্ভ কৰে অইলৰ মুখ্য আবাসীক বিষয়া দিলীপ দাসে । আনহাতে উৎসৱৰ অন্তিম কাৰ্যসূচী ৰূপে অনুষ্ঠিত আৰু উদযাপন সমিতিৰ সভাপতি ড৹ জ্যোতি প্ৰসাদ কোঁৱৰে সঞ্চালনা কৰা মুকলি সভাত উপস্থিত থাকে অৰণ্য মানৱ পদ্মশ্ৰী যাদৱ পায়েং, বিশিষ্ট প্ৰকৃতিবিদ জয়নাল আবেদিন, অসম জাতীয় পৰিষদৰ সভাপতি লুৰিন জ্যোতি গগৈ, বিজেপিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰঞ্জিত বৰুৱা আদিকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি।

লগতে পঢ়কঃ নগাঁৱত ধূলিৰ বিৰুদ্ধে পথ অৱৰোধ কৰি ছাত্ৰ-ছাত্ৰীৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.