মৰাণ, 26 জুন : ৰাজ্যৰ বিভিন্ন জিলা সমূহৰ দৰে ডিব্ৰুগড় জিলাৰ শৈক্ষিক ক্ষেত্ৰখনো সমস্যা বহুল । বিশেষকৈ ডিব্ৰুগড় জিলাৰ মৰাণৰ শিক্ষা আৰু শৈক্ষিক অনুষ্ঠানসমূহ সমস্যাৰে ভৰপূৰ । বিশেষকৈ মৰাণৰ গ্ৰাম্য অঞ্চলত আৰু চাহ বাগিচাৰ এলেকা সমূহত আজিও সুস্থ শৈক্ষিক পৰিৱেশ গঢ়ি উঠা নাই । মৰাণৰ সমস্যা বহুল শিক্ষা আৰু শৈক্ষিক অনুষ্ঠানৰ উন্নয়নৰ বাবে ৰাজ্যৰ শিক্ষা মন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰিলে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ (Chakradhar Gogoi)য়ে ।

শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগু (Ranoj Pegu)ৰ কাৰ্যালয়ত সাক্ষাৎ কৰি মৰাণ সমষ্টিৰ শিক্ষা আৰু শৈক্ষিক অনুষ্ঠানৰ সমস্যা সম্পৰ্কে আলোচনা কৰি বিভিন্ন বিষয় সম্বলিত এখনি স্মাৰকপত্ৰ প্ৰদান কৰে মৰাণৰ বিধায়ক গৰাকীয়ে । পৰ্যায়ক্ৰমে মৰাণৰ শৈক্ষিক দিশৰ সমস্যা সমূহ সমাধান কৰা হ'ব বুলি শিক্ষামন্ত্ৰী গৰাকীয়ে আশ্বাস দিয়ে বুলি বিধায়ক চক্ৰধৰ গগৈয়ে জানিবলৈ দিয়ে ।
উল্লেখযোগ্য যে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ আৰ্হি প্ৰস্তুতৰ বাবে চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটীয়ে শুকুৰবাৰে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (AHSEC)ৰ কাৰ্যালয়ত অন্তিমলানি বৈঠকত মিলিত হয় । দীঘলীয়া আলোচনাৰ অন্তত প্ৰস্তুত কৰা প্ৰতিবেদন কমিটীয়ে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুক অৰ্পন কৰে ।

ক’ভিডৰ সংক্রমণৰ প্রতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে ১৮ জুনত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল । ইয়াৰ পাছতে দুয়োটা পৰীক্ষাৰ মূল্যায়নৰ বাবে ফর্মুলা উদ্ভাৱন কৰিবলৈ দুখন উচ্চস্তৰীয় কমিটী গঠন কৰা হৈছিল । উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ বাবে কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য দীপক কুমাৰ শৰ্মাৰ অধ্যক্ষতাত গঠিত কমিটীখনত সদস্য হিচাপে আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ ৰুক্ম গোহাঁই বৰুৱা, উচ্চতৰ শিক্ষাৰ যুটীয়া সচিব নিবেদিতা লস্কৰ, বি বৰুৱা কলেজৰ অধ্যক্ষ ড০ এছ এন বৰ্মন, নগাঁও কলেজৰ অধ্যক্ষ ড০ এছ বৰকটকী, ধুবুৰী বয়ছ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ইদ্ৰিছ আলী, শিলচৰৰ নৰসিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰতন পাল, ডিব্ৰুগড়ৰ বিদ্যালয় পৰিদৰ্শক দীপিকা চৌধুৰী আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ (AHSEC) সচিব ৰমেশ চন্দ্ৰ চুতীয়া ।
লগতে পঢ়কঃ ৰে’ল বিভাগত পুনৰ বহিঃৰাজ্যৰ যুৱকক নিযুক্তি