মৰাণ, 11 ছেপ্তেম্বৰ : বুধবাৰে নিমাতীঘাটত সংঘটিত হোৱা শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পিছত আজিও শোকস্তব্ধ হৈ আছে সমগ্ৰ ৰাজ্যবাসী ৷ কিন্তু নিমাতীঘাটৰ উত্তেজনা মাৰ নৌ যাওঁতেই নদী পৰিৱহনৰ আন এখন ভয়াৱহ ছবি পোহৰলৈ আহিছে ৷ ডিব্ৰুগড়ৰ টেঙাখাট আৰু চাচনীৰ ৰাইজে যাতায়তৰ বাবে ব্যৱহাৰ কৰা বুঢ়ীদিহিং নদীৰ টেঙাখাট পাণধোৱা পাৰঘাটটোত বৰ্তমানেও অব্যাহত আছে বিপদসংকুল নৌকা যাত্ৰা ৷ টেঙাখাট পাণধোৱা পাৰঘাটৰ নৌকা যাত্ৰাৰ দৃশ্যই শংকিত তুলিছে ৰাজ্যবাসীক ৷
![Memorandum to Circle officer for developing the system of IWTD](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8046to8050-memorandumtocircleofficerfordevelopingthesystemofiwtd-as10031_10092021214524_1009f_1631290524_692.jpg)
লগতে পঢ়ক: পৰিমিতা দাসৰ ঘৰত উপস্থিত সৰ্বানন্দ সোণোৱাল
যিকোনো মূহুৰ্ততে হয়তো মাজুলীৰ দৰে বুঢ়ীদিহিং নদীৰ টেঙাখাট পাণধোৱা পাৰ ঘাটটোত হ’ব পাৰে অকল্পনীয় এক অঘটন ৷ সেয়ে পাণধোৱা পাৰ ঘাটটোত চলি থকা বিপজ্জনক নৌকা যাত্ৰাৰ দ্বাৰা অদূৰ ভৱিষ্যতে যাতে অঞ্চলটোৰ ৰাইজ কোনো ধৰণৰ দুৰ্ঘটনাৰ সন্মুখীন নহয়, তাৰ প্ৰতি লক্ষ্য ৰাখি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টেঙাখাট আঞ্চলিক সমিতিৰ তৰফৰ পৰা শীঘ্ৰে এই ঘাটটোৰ পৰিবহণ ব্যৱস্থা উন্নীতকৰণ কৰিবলৈ দাবী জনাইছে ৷
![Memorandum to Circle officer for developing the system of IWTD](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8046to8050-memorandumtocircleofficerfordevelopingthesystemofiwtd-as10031_10092021214524_1009f_1631290524_243.jpg)
লগতে পঢ়ক: শুকুৰবাৰৰ পৰা পুনৰ আৰম্ভ হৈছে নিমাতীঘাট-কমলাবাৰী ফেৰী সেৱা
এই সংক্ৰান্ত শুকুৰবাৰে টেঙাখাট ৰাজহ চক্ৰ বিষয়া নিটুল খাটনিয়াৰৰ হাতত পাঁচটা দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টেঙাখাট আঞ্চলিক সমিতিয়ে ৷
![Memorandum to Circle officer for developing the system of IWTD](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8046to8050-memorandumtocircleofficerfordevelopingthesystemofiwtd-as10031_10092021214524_1009f_1631290524_528.jpg)
সভাপতি নন্দৰাজ বৰশইকীয়া আৰু সম্পাদক পাৰ্থ প্ৰতিম কোৱঁৰে স্বাক্ষৰ কৰা এই স্মাৰক পত্ৰখনত উল্লেখ কৰা অনুসৰি, পাণধোৱা পাৰ ঘাটৰ দুয়োপাৰত টিকটৰ ব্যৱস্থা কৰা, ঘাটত ব্যৱহাৰ কৰা নাওসমূহ উন্নীতকৰণ কৰা, যাত্ৰী সকলৰ সুৰক্ষাৰ বাবে লাইফ জেকেটৰ ব্যৱস্থা কৰা, নাৱত সীমিত সংখ্যক যাত্ৰী উঠোৱাৰ ক্ষেত্ৰত এক নিয়মৰ ব্যৱস্থা কৰা আৰু সন্ধ্যাৰ পাচত এই জল পৰিবহণ ব্যৱস্থা বন্ধ ৰখাৰ বাবে দাবী জনোৱা হৈছে ৷
লক্ষ্যণীয় বিষয়টো হ'ল যে, ডিব্ৰুগড়ৰ টেঙাখাট বুঢ়ীদিহিং নদীৰ পাণধোৱা পাৰ ঘাটটোত যাত্ৰী বিপজ্জনকভাৱে বছৰ বছৰ ধৰি নাও যাত্ৰা চলি আহিছে যদিও আজি পৰ্যন্ত উক্ত ঘাটটোত যাত্ৰীৰ সুৰক্ষা বাবে প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই । এই অভিযোগ তৰিছে অঞ্চলটোৰ ৰাইজে ৷
লগতে পঢ়ক: লক্ষ্য পেৰিছ অলিম্পিক : পুনৰ অনুশীলনত ব্যস্ত লাভলীনা