ETV Bharat / state

পৱন সিং ঘাটোৱাৰৰ উপস্থিতিত মৰাণত অনুষ্ঠিত চাহ মজদুৰ সংঘৰ সভা

মৰাণত চাহ মজদুৰ সংঘৰ শাখা কাৰ্যালয়ত মঙলবাৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ উপস্থিত চাহ মজদুৰ সংঘৰ বছৰৰ অন্তিমখন কাৰ্যকৰী সমিতিৰ সভা অনুষ্ঠিত হয় ।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ উপস্থিতিত মৰাণত চাহ মজদুৰ সংঘৰ সভা অনুষ্ঠিত

author img

By

Published : Dec 29, 2020, 10:03 PM IST

মৰাণ, 29 ডিচেম্বৰঃ মৰাণত চাহ মজদুৰ সংঘৰ শাখা কাৰ্যালয়ত মঙলবাৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ উপস্থিতিত চাহ মজদুৰ সংঘৰ বছৰৰ অন্তিমখন কাৰ্যকৰী সমিতিৰ সভা অনুষ্ঠিত হয় । শাখাৰ সম্পাদক লক্ষেশ্বৰ তাঁতীয়ে আঁত ধৰা সভাখনত বাগিছা ইউনিটৰ সভাপতি, সম্পাদক সকলো উপস্থিত থাকে । সম্পাদক গৰাকীয়ে চলিত ২০২০ বৰ্ষত শাখা সংঘই সম্পাদিত কৰা কৰ্মৰাজী সন্দৰ্ভত বক্তব্য দাঙি ধৰাৰ লগতে আগন্তুক ২০২১ বৰ্ষৰ কৰ্মসূচীৰ বিষয়ে উল্লেখ কৰে ।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰৰ উপস্থিতিত মৰাণত চাহ মজদুৰ সংঘৰ সভা অনুষ্ঠিত
পৱন সিং ঘাটোৱাৰৰ উপস্থিতিত মৰাণত অনুষ্ঠিত চাহ মজদুৰ সংঘৰ সভা

উল্লেখযোগ্য যে, সভাত সংঘৰ ৰাজ্যিক সভাপতি তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ উপস্থিত থাকি আগন্তুক বৰ্ষত কেন্দ্ৰীয় সংঘই গ্ৰহণ কৰা আন্দোলনৰ কাৰ্যসূচী দাঙি ধৰাৰ লগতে সদনযোগে সমূহ শ্ৰমিক ৰাইজলৈ নৱবৰ্ষৰ শুভেচ্ছা জনায় ৷ লগতে সংঘক অধিক শক্তিশালী কৰি তুলিবলৈয়ো আহ্বান জনায় তেওঁ ।

লগতে পঢ়কঃ গেৰুৱা হ'ল অজন্তা নেওগ, ৰাজদ্বীপ গােৱালা আৰু বনেন্দ্ৰ কুমাৰ মুছাহাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.