ডিব্ৰুগড়, 28 মাৰ্চঃ শনিবাৰে ডিব্ৰুগড়ত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উপায়ুক্ত কাৰ্যালয়ত স্বাস্থ্য বিভাগ আৰু ডিব্ৰুগড়ৰ ব্যক্তিগত খণ্ডৰ স্বত্বাধিকাৰী সকলৰ সৈতে এখন বৈঠকত মিলিত হয় ৷ মন্ত্ৰী গৰাকীয়ে ডিব্ৰুগড়ৰ ২৭ খন ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ সৈতে চুক্তি স্বাক্ষৰ কৰে ৷ কাইলৈৰ পৰা আন আন বিভাগৰ ৰোগীৰ বাবে বন্ধ থাকিব ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় ৷ কেৱল কাৰ্ডিঅলজী,মেটাৰনিটী আৰু বাৰ্ন ইউনিটতহে ৰোগীৰ চিকিৎসা চলিব ৷ সাধাৰণ ৰোগীৰ চিকিৎসাৰ বাবে ব্যক্তিগত চিকিৎসালয়সমূহৰ ব্যৱস্থা কৰা হৈছে ৷ ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহত ৰোগীৰ বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হ'ব ৷
অসমত যি 5 খন 300 বিচনাযুক্ত চিকিৎসালয় নিৰ্মাণৰ সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰিছে, তাৰ বাবে কেইবাগৰাকীও সাংসদৰ লগতে এআইইউডিএফ আৰু কংগ্ৰেছ নেতাই সাহায্য প্ৰদান কৰিছে ৷ ইয়াৰোপৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ তৰফৰ পৰাও ইতিমধ্যে চৰকাৰী কৰ্মাচাৰীসকলে চৰকাৰক তেওঁলোকৰ এদিনৰ দৰমহা প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷
আজি বিভিন্ন চছিয়েল মিডিয়া তথা বিজ্ঞাপনযোগে ৰাজ্যৰ কোন খন চিকিৎসালয়ত কেনেধৰণৰ চিকিৎসা প্ৰদান কৰা হ'ব সেই সম্পৰ্কে ৰাইজক অৱগত কৰিব অসম চৰকাৰে ৷
লগতে পঢ়কঃ আজিৰ মুখ্য সংবাদ