ETV Bharat / state

বনৌষধি গছ সংৰক্ষণ কৰি চৰ্চিত প্ৰাক্তন শিক্ষক - preservation of former teacher herbal plants

মৰাণৰ বামুনবাৰীৰ এগৰাকী প্ৰাক্তন শিক্ষকৰ প্ৰশংসনীয় পদক্ষেপ । শিক্ষকতাৰ পৰা অৱসৰ গ্ৰহণৰ পাছত নিজৰ বাৰীখনতে প্ৰায় ৮৪ বিধ বনৌষধি গছ সংৰক্ষণ কৰি চৰ্চিত হৈছে শিক্ষকগৰাকী(Preservation of former teacher herbal plants) । ৮২ বছৰীয়া প্ৰাক্তন শিক্ষক গৰাকীৰ নাম সৰুনাথ গগৈ ।

medicinal plant conservation by ex teacher
বনৌষধি গছ সংৰক্ষণ কৰি চৰ্চিত প্ৰাক্তন শিক্ষক
author img

By

Published : Sep 11, 2022, 9:25 AM IST

Updated : Sep 11, 2022, 10:03 AM IST

মৰাণ,১১ ছেপ্টেম্বৰ: অৱসৰৰ সময়খিনি সৎ ব্যৱহাৰ কৰি ৮৪ বিধ বনৌষধি গছ ৰোপণ আৰু সংৰক্ষণ কৰি চৰ্চালৈ আহিছে মৰাণৰ বামুনবাৰীৰ এজন প্ৰাক্তন শিক্ষক(Preservation of former teacher herbal plants) । বামুনবাৰী অঞ্চলৰ টেঙাপানী গাঁ‌ৱৰ সৰুনাথ গগৈ নামৰ ৮২ বছৰীয়া প্ৰাক্তন শিক্ষকগৰাকীয়ে নিজৰ ঘৰৰ বাৰীতে ৰোপন কৰিছে ৮৪ বিধ বনৌষধি গছ(Ex-teacher plants 84 medicinal plants) ।

বনৌষধি গছ সংৰক্ষণ কৰি চৰ্চিত প্ৰাক্তন শিক্ষক

টেঙাপানী জনজাতি এম ই স্কুলৰ পৰা ২০০২ চনতে অৱসৰ গ্ৰহণ কৰি প্ৰাক্তন শিক্ষক গৰাকীয়ে মানুহৰ বিভিন্ন ৰোগত ব্যৱহাৰ কৰিব পৰা ঔষধি গছ সমূহ ৰুবলৈ আৰম্ভ কৰে । তেতিয়াৰে পৰাই গছসমূহ অতি যতনেৰে তেওঁ সংৰক্ষণ কৰি ৰাখিছে । নিজৰ বাৰীৰ প্ৰায় চাৰে তিনি বিঘা মাটিত এই গছ বিলাক ৰোপন কৰি সমগ্ৰ পৰিৱেশটো সেউজীয়া কৰি ৰাখিছে ।

মৰাণ অঞ্চলৰ বহু লোকে এতিয়া বনৌষধি গছ বিচাৰি সৰুনাথ গগৈৰ ওচৰলৈ যায় । এই ঔষধি গছৰ পৰা তৈয়াৰ কৰা ঔষধ ব্যৱহাৰ কৰি বহুজনে আৰোগ্যও লাভ কৰিছে । প্ৰাক্তন শিক্ষকগৰাকীয়ে কোনো ধৰণৰ মাননি নোলোৱাকৈ ৰাইজক ঔষধত ব্যৱহাৰ কৰা গছবোৰ বিলাই দিয়ে বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে । প্ৰাক্তন শিক্ষকগৰাকীৰ এই কৰ্মৰাজীক ৰাইজে প্ৰশংসা কৰিছে ।

লগতে পঢ়ক: দলং ভাঙি ঘাইপথত বাগৰিল আলুভৰ্তি ট্ৰাক

Last Updated : Sep 11, 2022, 10:03 AM IST

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.