মৰাণ, 6 ডিচেম্বৰ: টাই-আহোমসকলৰ এক পৰম্পৰা হৈছে পূৰ্বপুৰুষৰ আৰাধনা ৷ মৃতকৰ স্মৃতিচাৰণ কৰি আহোমসকলে অতীজৰে পৰা পূজা অৰ্চনা কৰি আহিছে ৷ এনে এক পৰম্পৰাই হৈছে মে-ডাম-মে-ফী ৷ টাই-আহোমসকলে পূৰ্বপুৰুষৰ মৃতকসকলক ৩১ জানুৱাৰীত সমূহীয়াকৈ পূজা-অৰ্চনা কৰি জাতিটোৰ লগতে ৰাজ্য আৰু দেশৰ মংগল কামনা কৰে ৷

ডিব্ৰুগড় জিলাৰ খোৱাঙত আটাছুৰ উদ্যোগত ৰাংছালি গাঁৱত অনুষ্ঠিত হ'ব মে-ডাম-মে-ফী । দেওবাৰে সদৌ টাই-আহোম ছাত্ৰ সন্থা (আটাছু) খোৱাং আঞ্চলিক সমিতিৰ উদ্যোগত ৰাংছালি গাঁৱত হ'বলগীয়া মে-ডাম-মে-ফীৰ বাবে অভ্যৰ্থনা সমিতি গঠন কৰা হয় ৷