ETV Bharat / state

মৰাণত বিধ্বংসী অগ্নিকাণ্ডঃ সম্পূৰ্ণভাৱে ভষ্মীভূত 5 খন দোকান

author img

By

Published : Mar 27, 2020, 7:51 PM IST

বন্ধৰ সময়ছোৱাত দোকান কেইখনত কেনেদৰে অগ্নিকাণ্ড সংঘটিত হ'ল এই বিষয়ে বাতৰি প্ৰেৰণৰ পৰলৈ নিশ্চিত কৰিব পৰা নাই ৷

সম্পূৰ্ণভাৱে ভষ্মীভূত 5 খন দোকান
সম্পূৰ্ণভাৱে ভষ্মীভূত 5 খন দোকান

মৰাণ, ২৭ মাৰ্চ : সমগ্ৰ দেশত লকডাউন চলি থকাৰ সময়তে শুকাৰবাৰে বিয়লি প্ৰায় ৪ বজাত ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত তিলৈজান চাহ বাগিছা বজাৰ তিনিআলিত অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে পাচখন দোকান ভষ্মীভূত হয় ৷ দোকান কেইখনৰ গৰাকী ৰাজু ফুকন, কমল থাতাল কমল দত্ত, প্ৰদীপ দত্ত আৰু ৰাজু দত্ত বুলি জানিব পৰা গৈছে ৷

বন্ধৰ সময়ছোৱাত দোকান কেইখনত কেনেদৰে অগ্নিকাণ্ড সংঘটিত হ'ল এই বিষয়ে বাতৰি প্ৰেৰণৰ পৰলৈ নিশ্চিত কৰিব পৰা নাই ৷ অগ্নিকাণ্ডৰ খবৰ পাই মৰাণস্থিত ৰাজ্যিক অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি অগ্নি নিৰ্বাপিত কৰাৰ চেষ্টা কৰে যদিও ইয়াৰ পূৰ্বেই দোকান কেইখন অগ্নিত জাহ যায় ৷ প্ৰতিবেশীৰ মতে, চাইকেল, ষ্টেচনাৰী আৰু পাণ-তামোলৰ ব্যৱসায় কৰা ৰাজু দত্ত আৰু প্ৰদীপ দত্তৰ ক্ষতিৰ পৰিমাণ সৰ্বাধিক হৈছে যদিও মুঠ ক্ষতিৰ পৰিমাণ নিশ্চিত কৰিব পৰা নাই ৷

সম্পূৰ্ণভাৱে ভষ্মীভূত 5 খন দোকান

লগতে পঢ়কঃ শণিবাৰৰ পৰা সাধাৰণ ৰোগীৰ বাবে বন্ধ জি এম চি এইছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.