ETV Bharat / state

ডিব্ৰুগড়ৰ তিনিকুনীয়াত ভয়াৱহ অগ্নিকাণ্ড - Massive fire at Dibrugarh tinikunia

মঙলবাৰে সন্ধিয়া তিনিকুনীয়াৰ শিশু ভাৰতী বিদ্যালয়ৰ সমীপত সংঘটিত হয় এক অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোত কেইবাটাও বাসগৃহ ভস্মীভূত হোৱাৰ লগতে বিনষ্ট হয় কেইবা লক্ষাধিক টকাৰ সা-সম্পত্তি ৷

massive-fire-at-dibrugarh-tinikunia
ডিব্ৰুগড়ৰ তিনিকুনীয়াত ভয়াৱহ অগ্নিকাণ্ড
author img

By

Published : Jun 29, 2021, 9:17 PM IST

ডিব্ৰুগড়, 29 জুন : ডিব্ৰুগড় চহৰৰ তিনিকুনীয়াৰ শিশু ভাৰতী বিদ্যালয়ৰ সমীপৰ বিশাল বসতি অঞ্চলত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা ৷ মঙলবাৰে সন্ধিয়া সংঘটিত হোৱা এই বিধ্বংসী অগ্নিকাণ্ডত জাহ যায় বহুকেইটা আৱাসগৃহ ৷ আঠটাকৈ চিলিণ্ডাৰ বিস্ফোৰিত হোৱাৰ ফলত অধিক ভয়ংকৰ হৈ পৰে পৰিস্থিতি ৷

উল্লেখ্য যে, এই অগ্নিকাণ্ডত মনিশ চাক্সেনা নামৰ লোকজনৰ ভাড়ালৈ দিয়া সৰু-বৰ প্ৰায় কুৰিটা বাসগৃহ ভস্মীভূত হয় ৷ অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ আৰু ক্ষয়-ক্ষতি সম্পৰ্কে বৰ্তমানেও জানিব পৰা হোৱা নাই ৷ কিন্তু বহু লক্ষাধিক টকাৰ সা-সম্পত্তি জ্বলি ছাই হোৱাৰ আশংকা কৰা হৈছে ৷

অগ্নিকাণ্ডটোৰ ফলত কেইবাগৰাকীও নাৰ্চৰ ভাড়া লৈ থকা বাসগৃহ জাহ যায় ৷ ক'ভিড মহামাৰীৰ সময়ত নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি পুৱাৰ পৰা কৰ্তব্যত ব্যস্ত থকা নাৰ্চ কেইগৰাকীয়ে সন্ধিয়া ঘূৰি আহি নাপালে নিজৰ একো সা-সামগ্ৰী ৷ চকুৰ প্ৰচাৰতে এটা এটাকৈ জ্বলি গ'ল বাসগৃহসমূহ ৷

ডিব্ৰুগড়ৰ তিনিকুনীয়াত ভয়াৱহ অগ্নিকাণ্ড

কেইবাগৰাকীও নাৰ্চে নিজৰ নথিপত্ৰসহ একোকে ৰক্ষা কৰিবলৈ সক্ষম নোহোৱাত শোকত ভাগি পৰিছে ৷ অৰ্ধ লক ডাউনৰ সময়ত সকলো বন্ধ থকাৰ সময়তে ক'ৰ পৰা, কেনেকৈ অগ্নিকাণ্ডৰ সূত্ৰপাত হ'ল সেয়া জানিব পৰা নাই ৷ বৈদ্যুতিক শ্ব’ৰ্ট চাৰ্কিটৰ ফলতে এই ঘটনা সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে ৷

আনহাতে নিশাৰ অন্ধকাৰৰ বাবে কোনো লোক হতাহত হৈছে নেকি সেয়াও জানিব পৰা নাই ৷ ঘটনাস্থলীত ডিব্ৰুগড় অগ্নিনিৰ্বাপক বাহিনী, ভাৰত পেট্ৰ’লিয়াম, অইল ইণ্ডিয়া দুলীয়াজান আৰু মৰাণৰ পৰা অহা কেইবাখনো অগ্নি নিৰ্বাপক বাহিনীৰ বাহন উপস্থিত হৈ কেইবাঘণ্টা জোৰা প্ৰচেষ্টাৰ অন্তত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

লগতে পঢ়কঃ GMCH ত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ ছাডেন ভিজিট

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.