ETV Bharat / state

ডিব্ৰুগড়ত 22 কোটি টকীয়া মথাউৰি নিৰ্মাণত ব্যাপক দুৰ্নীতি

author img

By

Published : Aug 19, 2021, 10:28 PM IST

Updated : Aug 19, 2021, 10:46 PM IST

নিম্ন মাণদণ্ডৰ কামৰ বাবে এজাক সামান্য বৰষুণতে খহি গৈছে ডিব্ৰুগড়ৰ এটা 22 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মীয়মান মথাউৰি ৷ ফলত হাজাৰোধিক পৰিয়াললৈ নামি আহিছে তীব্ৰ ভাবুকি ৷

massive-corruption-in-construction-of-22-crore-rupees-embankment-in-dibrugarh
ডিব্ৰুগড়ত 22 কোটি টকীয়া মথাউৰি নিৰ্মাণত ব্যাপক দুৰ্নীতি

মৰাণ,19 আগষ্ট: বানপানীৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ মথাউৰি নিৰ্মাণৰ বাবে ৰাজ্যৰ জলসম্পদ বিভাগে তৎপৰতা প্ৰদশৰ্ন কৰিছে যদিও ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিত এটা মথাউৰি নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ নিম্ন মাণদণ্ডৰ কামৰ বাবে এজাক সামান্য বৰষুণতে খহি গৈছে 22 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মীয়মান অৱস্থাতে থকা চেঁচা নদীৰ 11 কিঃমিঃ দৈৰ্ঘৰ এই মথাউৰিটোৰ ভিন্ন স্থান ৷ ফলত সমষ্টিটোৰ হাজাৰোধিক পৰিয়াললৈ নামি আহিছে তীব্ৰ ভাবুকি ৷

উল্লেখ্য যে,2019 বৰ্ষতে 22 কোটি টকাৰ পুঁজি নিৰ্ধাৰণেৰে মৰাণ সমষ্টিৰ লেজাই বৰ্দৈবাম গাঁৱৰ পৰা ৰঙাগৰালৈ প্ৰায় ১১ কিঃমিঃ দৈৰ্ঘৰ এই মথাউৰিটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল ৷ বছৰ বছৰ ধৰি বানত ককবকাই থকা লৰুৱা মৌজাৰ অন্তৰ্গত লেজাই, কলখোৱা, ভঙামূৰ, চেঁচা ইটাখুলিকে ধৰি এই বৃহৎ অঞ্চলটোৰ ৰাইজ ৷ এইসকল লোকৰ জীৱনৰ নিৰাপত্তা দিবলৈ নিৰ্মান কৰিব লগা মথাউৰিটোৰ নিবিদা লাভ কৰা বহুকেইগৰাকী ঠিকাদাৰে ঠিক মতেই আৰম্ভ কৰিছিল কাম ৷

কিন্তু মেডেলা সংৰক্ষিত বনাঞ্চলৰ কাষত নিৰ্মাণৰ নিবিদা লাভ কৰা একাংশ ঠিকাদাৰে জনশূণ্য এই অঞ্চলটোত স্থানীয় কিছু যুৱকৰে মিলি মথাউৰিৰ নিৰ্মান কাম সমাপন কৰিছিল ৷ ৰাইজৰ চকুত ধূলি মাৰি পুৰণি ৰিং বান্ধতে মাটি জাপি কাম সামৰা এনে স্থান সমূহত এতিয়া বৰষুণৰ পানীয়ে খহাই নিছে মথাউৰিটোৰ বৃহৎ অংশ ৷

স্থানীয় ৰাইজৰ অভিযোগ "হানচাৰি" নামৰ এজন বিতৰ্কিত ঠিকাদাৰে স্থানীয় কেইজনমান যুৱকৰে মিলি মথাউৰিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছিল ৷ ইফালে মথাউৰিৰ মাজে মাজে স্থাপন কৰা তিনিখন চুইচ গেটৰ কামৰ মানদণ্ড তেনেই নিম্ন মানদণ্ডৰ হোৱা বাবে এতিয়া গেটৰ ফাঁকেৰে পানী সোমাই প্লাৱিত কৰিছে বৃহৎ অঞ্চলৰ ধাননি পথাৰ ৷ যিকোনো মূহুৰ্ততে মথাউৰিটো ভাঙি হাজাৰ হাজাৰ হেক্টৰ কৃষি ভূমি বানত ডুব যোৱাৰ আশংকা কৰিছে অঞ্চলবাসীয়ে ৷

লগতে পঢ়কঃ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী বদলা পদ্মআতা সত্ৰত অঘটন

Last Updated : Aug 19, 2021, 10:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.