ETV Bharat / state

টেঙাখাতত 'Masses for Masks' সজাগতা অভিযান - মৰাণৰ টেঙাখাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত সজাগতা অভিযান

টেঙাখাত আৰম্ভ হ'ল 'Masses for Masks' নামেৰে সজাগতা অভিযান । মৰাণৰ টেঙাখাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত 'Masses for Masks' অৰ্থাৎ জনতাৰ বাবে মাস্ক নামৰ এক সজাগতা অভিযান আৰম্ভ হৈছে ।

টেঙাখাতত Masses for Masks সজাগতা অভিযান
টেঙাখাতত Masses for Masks সজাগতা অভিযান
author img

By

Published : Apr 24, 2021, 9:44 PM IST

মৰাণ, ২৪ এপ্ৰিল: দেশজুৰি হোৱা কৰ'ণাৰ কাল সংক্ৰমণত গ্ৰাসিত সকলো । চৰকাৰে বাৰাম্বাৰ দেশবাসীক এই মহামাৰীৰ পৰা উদ্ধাৰৰ বাবে সাৱধানে থাকিবলৈ অনুৰোধ জনাই আহিছে যদিও কোনো কোনো সময়ত একাংশ অসতেন ৰাইজে চৰকাৰৰ আহ্বানক ধূলিসাৎ কৰি আহিছে । বৰ্তমান সময়ত ক'ভিড-১৯ ৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে মাস্ক পৰিধান কৰাটো অতি প্ৰয়োজনীয় । সেয়েহে মৰাণৰ টেঙাখাত ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত 'Masses for Masks' অৰ্থাৎ জনতাৰ বাবে মাস্ক নামৰ এক সজাগতা অভিযান আৰম্ভ কৰে ।

জনতাৰ বাবে মাস্ক নামৰ এক সজাগতা অভিযান
জনতাৰ বাবে মাস্ক নামৰ এক সজাগতা অভিযান

ইয়াৰ জৰিয়তে সকলোকে সঠিক ৰূপত মাস্ক পৰিধান কৰা, সামৰ্থ অনুযায়ী যিসকল সদাশয় ব্যক্তিয়ে ইচ্ছা কৰে তেওঁলোকে চক্ৰ বিষয়াৰ কাৰ্যালয়ত এন ৯৫ (N95) বা ইয়াৰ সমকক্ষ মাস্ক দান কৰিব পাৰিব । এই মাস্কসমূহ আৰ্থিকভাবে দুৰ্বল লোক, যিয়ে দৈনিক কৰ্তব্যৰ খাতিৰত ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব লাগে তেওঁলোকক সংশ্লিষ্ট গাওঁবুঢ়াসকলৰ জৰিয়তে উক্ত মাস্কসমূহ প্ৰদান কৰাৰ বাবে ব্যৱস্থা কৰা হৈছে ।

টেঙাখাতত Masses for Masks সজাগতা অভিযান
টেঙাখাতত Masses for Masks সজাগতা অভিযান

এই অভিযানক ৰাইজে আদৰি লোৱাৰ লগতে সাধ্যানুসৰি বহু দল, সংগঠন আৰু ব্যক্তিয়ে ইতিমধ্যে চক্ৰ বিষয়াৰ কাৰ্যালয়ত মাস্কসমূহ দান কৰিছে আৰু সেই মাস্কসমূহ ইতিমধ্যে ৰাইজৰ মাজত বিতৰণ কৰা হৈছে । উদ্যোক্তাসকলে টেঙাখাট আৰু দুলীয়াজানবাসী ৰাইজক সহযোগিতাৰ বাবে আহ্বান জনাইছে ।

লগতে পঢ়ক: দলগাঁৱত চোৰৰ চাফাই অভিযান

For All Latest Updates

TAGGED:

Covid-19
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.