মৰাণ, ১ অক্টোবৰ: উজনি অসমৰ আগশাৰীৰ মহিলাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান হৈছে মৰাণ মহিলা মহাবিদ্যালয় (Maran Womens College)। ৰাজ্যখনৰ ভিতৰতে শিক্ষাৰ উপৰি ক্ৰীড়া,সাংস্কৃতিক ক্ষেত্ৰত ছাত্ৰীসকলে স্থান দখল কৰি আহিছে । শুকুৰবাৰে মহিলা মহাবিদ্যালয়খনত ছাত্ৰী একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত হয় ।
চাৰিটা পদৰ বাবে শান্তিপূৰ্ণভাৱে (Maran Womens College Students union election) অনুষ্ঠিত হৈ যোৱা ছাত্ৰী একতা সভাৰ নিৰ্বাচনত সাধাৰণ সম্পাদিকা পদত কৰবী বৰগোহাঁই, সহকাৰী সম্পাদিকাত মৌচুমী ছেত্ৰী, সাংস্কৃতিক সম্পাদিকাত উপাসনা গগৈ, ছাত্ৰী জিৰণী কোঠা সম্পাদিকাত সৃষ্টি বৰুৱাই জয়লাভ কৰে ।
আনহাতে, আলোচনী সম্পাদিকা পদত অঞ্জু বেগম, তৰ্ক সম্পাদিকা বৰষা গগৈ আৰু সমাজসেৱা বিভাগত চয়নিকা দুৱৰাই বিনা প্ৰতিদ্বন্দিতাৰে জয়লাভ কৰে । তদুপৰি সভাপতি, উপ- সম্পাদিকা, সাহিত্য সম্পাদিকা, সংগীত সম্পাদিকা, ক্ৰীড়া সম্পাদিকা পদত কোনো প্ৰতিদ্বন্দীতা নকৰিলে বুলি মহাবিদ্যালয়ৰ অধ্যক্ষাগৰাকীয়ে সদৰি কৰিছে । মহিলা মহাবিদ্যালয়খনত নিৰ্বাচনৰ ফলাফল ওলোৱাৰ পাছতে মৰাণ মহাবিদ্যালয় ছাত্ৰী একতা সভাৰ (Maran College Students union) পূৰ্বৰ বিষয়ববীয়াসকলে মহাবিদ্যালয়ত উপস্থিত হৈ জয়লাভ কৰা ছাত্ৰী সকলক সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।
লগতে পঢ়ক:আইমী বৰুৱাই অসমবাসীক লজ্জিত কৰাৰ অভিযোগ