মৰাণ, ৭ জুলাই : অৱশেষত গৃহভূমি পালেহি সুখীধৰ চুতীয়া ৷ মন্ত্ৰী বিমল বৰাৰ তৎপৰতাত চেন্নাইত ৰে'ল দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত সুখীধৰ চুতীয়া বৃহস্পতিবাৰে পালেহি ডিব্ৰুগড় (Man injured in train accident in Chennai has reached Dibrugarh)। যাক লৈ এতিয়া আনন্দিত সুখীধৰৰ পৰিয়াল তথা আত্মীয় ৷
ঘটনাৰ বিৱৰণি অনুসৰি, ডিব্ৰুগড় জিলাৰ টিংখাং ২ নং নাচনীৰ বাসিন্দা বাবা ওৰাং আৰু সুখীধৰ চুতীয়া ২৭ জুন তাৰিখে কৰ্মৰ সন্ধানত চেন্নাইলৈ গৈছিল ৷ চেন্নাইলৈ গৈ থকা অৱস্থাতে ৰে'ল দুৰ্ঘটনাত পতিত হৈ বাবা ওৰাঙৰ মৃত্যু হোৱাৰ বিপৰীতে সুখীধৰ চুতীয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় । ঘটনা সন্দৰ্ভত তেওলোকৰ পৰিয়ালক চেন্নাই আৰক্ষীয়ে খবৰ দিয়ে ৷
এই খবৰ লাভ কৰি দৰিদ্ৰ পৰিয়াল কেইটাৰ মাজত সৃষ্টি হৈছিল হাহাকাৰ পৰিৱেশ ।
লগতে পঢ়ক : অক্টোবৰৰ পৰা আৰম্ভ হ'ব খিলঞ্জীয়া মুছলমানৰ জৰীপ; প্ৰস্তুত হ'ব বিশেষ আঁচনি
চেন্নাই আৰক্ষীৰ তৎপতাত চিকিৎসাৰ বাবে আহত সুখীধৰ চুতীয়াক হাওৰা মেডিকেলত ভৰ্তি কৰোৱা হয় ৷ কিন্তু সুখীধৰক ঘৰলৈ উভতাই আনিবলৈ দৰিদ্ৰ পৰিয়ালটোৱে কোনো পথেই বিচাৰি পোৱা নাছিল ৷ এই কথা জানিব পাৰি দৰিদ্ৰ পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াই মন্ত্ৰী বিমল বৰাই (Generosity of Minister Bimal Borah) ৷ লগতে সুখীধৰ চুতীয়াক ঘৰলৈ ঘূৰাই অনাৰ লগতে উন্নত চিকিৎসাৰ ব্যৱস্থা কৰে টিংখাঙৰ বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে, বৃহস্পতিবাৰে বিমানৰ যোগেদি ডিব্ৰুগড়লৈ অনা হয় সুখীধৰ চুতীয়াক । ডিব্ৰুগড়ত উপস্থিত হোৱাৰ পাচতে গুৰুতৰভাৱে আহত হোৱা সুখীধৰ চুতীয়াক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাৰ ব্যৱস্থা কৰিছে মন্ত্ৰী বিমল বৰাই । মন্ত্ৰীগৰাকীৰ এই মহানুভৱতাক ধন্যবাদ জনাইছে সুখীধৰ চুতীয়াৰ পৰিয়ালে ।
অৱশ্যে ডিব্ৰুগড়ৰ পৰা গৈ থকা অৱস্থাতে বাবা ওৰাং আৰু সুখীধৰ চুতীয়াৰ লগত কেনেকৈ এই ঘটনা সংঘটিত হৈছিল, সেই কথা আজিও ৰহস্যৰ মাজত সোমাই আছে ৷ লগতে আৰক্ষীয়েও এই সম্পৰ্কত অজ্ঞতা প্ৰকাশ কৰা বুলি সুখীধৰৰ পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ।
লগতে পঢ়ক : বিৰল প্ৰজাতিৰ মাছ চাবলৈ কলগাছিয়াত মানুহৰ ভিৰ