ডিব্ৰুগড়, 12 ফেব্ৰুৱাৰীঃ হাজাৰ হাজাৰ গুণমুগ্ধৰ উপস্থিতিত শেষকৃত (জানাজা)সম্পন্ন হ'ল অৰুণাচলৰ মায়ডিয়ত সু-উচ্চ পাহাৰৰ পৰা 350 ফুট তলত গাড়ী বাগৰি পৰি অকাল মৃত্যুক সাৱতি লোৱা ডিব্ৰুগড়ৰ সদৰ কাজী আলহাজ কাজী মৌলানা মিৰ্জা জিল্লুৰ ৰহমান বেগৰ । বুধবাৰে ডিব্ৰুগড় চহৰৰ আমোলাপট্টি কবৰস্থানত সম্পন্ন এই জানাজাত উপস্থিত থাকে সমাজৰ বিভিন্ন জাতি-ধৰ্মৰ লোকৰ। কবৰস্থানৰ ভিতৰত ভিন্ন ধৰ্মী লোক উপস্থিত হৈ শেষ শ্ৰদ্ধাঞ্জলী নিবেদন কৰে কাজী গৰাকীলৈ ।
উল্লেখ্য যে, বিগত সোমবাৰে অৰুণাচলৰ বৰফৰ পাহাৰ মায়োডিয়ালৈ ভ্ৰমণ কৰা কাজীৰ পৰিয়ালটোৰ গাড়ীখন মায়োডিয়া গৈ পোৱাৰ আগমূহূৰ্তত তিৱাৰী গাঁৱৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰত্বত সু-উচ্চ পাহাৰৰ পৰা প্ৰায় ৩৫০ ফুট দ খাৱৈত বাগৰি পৰে । যাৰ ফলত আই 10' গাড়ী খন সম্পূৰ্ণৰূপে বিধস্ত হৈ যোৱা লগতে পাচ জনীয়া যাত্ৰীৰ ভিতৰত কাজীৰ মৃত্যু হয় ।
আনহাতে, সৌভাগ্য ক্ৰমে কাজীৰ পত্নী আতিফা আজহাৰ চুলতানা,পুত্ৰ মিৰ্জা মামুদ বেগ,আত্মীয় চেমিম আহমেদ আৰু গাড়ী চালক আলফ্ৰেদ আহমেদ ৰক্ষা পৰে । মঙলবাৰে কাজীৰ মৃতদেহ অৰুণাচলৰ পৰা ডিব্ৰুগড়লৈ অনাৰ পাছত অসম চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি বুধবাৰে জানাজা সম্পন্ন কৰে ।