ETV Bharat / state

Women Bhaona in Assam: হিমসনা শীতত মহিলা ভাওনাৰ আমেজ ল'লে টিংখাঙৰ ৰাইজে

author img

By

Published : Jan 21, 2023, 12:35 PM IST

ডিব্ৰুগড় জিলাৰ টিংখাঙৰ কঁহাৰগাঁৱত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ভাওনা সমাৰোহ । ফেটেঙীবৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত এই ভাওনা সমাৰোহখনি অনুষ্ঠিত হৈছে । ভাওনা সমাৰোহত শিৱসাগৰৰ শংখধ্বনী বিষ্ণুপ্ৰীয়া সন্মিলিত মহিলা সমাজে প্ৰদৰ্শন কৰে 'ৰুক্মিণী হৰণ' নাট (Rukmini Haran Bhaona at Tingkhong ) ।

Mahila Bhaona performed in Tingkhong
টিংখাঙৰ কঁহাৰগাঁৱত ভাওনা সমাৰোহ
টিংখাঙৰ কঁহাৰগাঁৱত ভাওনা সমাৰোহ

মৰাণ, ২১ জানুৱাৰী: অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰ অন্য়তম হৈছে অংকীয়া ভাওনা বা অংকীয়া নাট (Ankhiya Bhaona of Srimanta Sankardeva)। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা নাটসমূহক অংকীয়া নাট হিচাপে আখ্য়া দিয়া হৈছে (Sri Sri Madhavadeva)। অংকীয়া ভাওনাৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ভাঙোনমুখী অসমীয়া সমাজখনক একত্ৰিত কৰাৰ চেষ্টা চলাইছিল । এই ক্ষেত্ৰত তেওঁলোক সফলো হৈছিল । সেইবাবে আজিও অংকীয়া ভাওনা বা অংকীয়া নাটে অসমৰ সমাজখনত এক বিশেষ স্থান লাভ কৰি আছে । পূৰ্বতে এই ভাওনাত কেৱল পুৰুষসকলেহে অংশগ্ৰহণ কৰিছিল যদিও সময় বাগৰাৰ লগে লগে ইয়াত মহিলাসকলৰো প্ৰৱেশ ঘটিবলৈ ধৰিলে । বিগত সময়ত ৰাজ্য়খনৰ বিভিন্ন ঠাইত অনুষ্ঠিত হৈছে মহিলাৰ দ্বাৰা পৰিচালিত তথা অভিনীত ভাওনা (Mahila Bhaona)।

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰী মাধৱদেৱৰ অমৰ সৃষ্টি ভাওনাৰ অধিক প্ৰসাৰ-প্ৰচাৰৰ উদ্দেশ্যেই ডিব্ৰুগড় জিলাৰ টিংখাঙত অনুষ্ঠিত হৈছে ভাওনা সমাৰোহ । হিমসনা শীতৰ পৰিৱেশত ভাওনাৰ আমেজ ল'লে সকলোৱে । শুকুৰবাৰে নিশা টিংখাঙত মহিলা ভাওনা উপভোগ কৰিবলৈ প্ৰচণ্ড শীতকো নেওচি ওলাই আহিল শিশুৰ পৰা ককা-আইতা সকলো (Mahila Bhaona performed in Tingkhong)। উল্লেখযোগ্য যে টিংখাঙৰ কঁহাৰগাঁৱত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে ভাওনা সমাৰোহ (Bhaona Samaroh at Tingkhong in Dibrugarh) ।

জিলাখনৰ উপাসনা আধ্যাত্মিক কলা-কৃষ্টি কেন্দ্ৰৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত যোৱা ১৯ জানুৱাৰীৰ পৰা ফেটেঙীবৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হৈছে এই ভাওনা সমাৰোহ । উপাসনা আধ্যাত্মিক কলা-কৃষ্টি কেন্দ্ৰৰ চতুৰ্থ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই ভাওনা সমাৰোহত শুকুৰবাৰে সন্ধিয়া শংখধ্বনী বিষ্ণুপ্ৰীয়া সন্মিলিত মহিলা সমাজ ,শিৱসাগৰৰ দ্বাৰা 'ৰুক্মিণী হৰণ' নামৰ নাটখনি প্ৰদৰ্শন কৰা হয় ।

টিংখাঙৰ কঁহাৰগাঁৱত এই ভাওনাখনত বিভিন্ন চৰিত্ৰৰ পোছাক পৰিধান কৰি এটাৰ পিছত এটাকৈ ওলাল মহিলা ভাওৰীয়া । ৰাইজৰ পাৰ ভঙা উৎসাহৰে হাজাৰোধিক পুৰুষ, মহিলাৰ লগতে শিশুসকলেও উপভোগ কৰিলে এই আকৰ্ষণীয় 'ৰুক্মিণী হৰণ' ভাওনাখনি । এই নাট্যগোষ্ঠীটোৰ প্ৰতিগৰাকী ভাৱৰীয়াৰ সাৱলীল অভিনয়ে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে । ইপিনে, জিলাখনৰ আন কেইবাটাও গোষ্ঠীয়ে এই ভাওনা সমাৰোহত অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক:Nalbari Municipality Board orders to vacate shops: পদপথত থকা দোকানসমূহ খালী কৰাৰ নিৰ্দেশ নলবাৰী পৌৰসভাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.