ETV Bharat / state

ৰাইজৰ দলৰ অভিৱৰ্তনত উপস্থিত হৈ কি ক‘লে মহেন্দ্ৰ হাজৰিকাই ? - Mahendra Hazarika

মৰাণৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হৈ আছে ৰাইজৰ দলৰ অভিৱৰ্তন ৷ অভিৱৰ্তনত উপস্থিত হৈ শিল্পী মহেন্দ্ৰ হাজৰিকাই মানুহ ভালপোৱা এমুঠি মানুহ বিচাৰি আহিছো বুলি মন্তব্য কৰে ৷ তদুপৰি সংগীত শিল্পী মানস ৰবীন, মহেন্দ্ৰ হাজৰিকাৰ পৰা আৰম্ভ কৰি বহু কেইটা জাতীয় সংগঠনৰ নেতা , শিক্ষাবিদ, বুদ্ধিজীৱী এই অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷

mahendra-hazarika-talk-about-akhil-gogoi
ৰাইজৰ দলৰ অভিৱৰ্তনত উপস্থিত হৈ কি ক‘লে মহেন্দ্ৰ হাজৰিকাই ?
author img

By

Published : Jan 8, 2021, 9:41 PM IST

মৰাণ, 8 জানুৱাৰী : জাতীয় স্বাৰ্থ, এক সুস্থ আঞ্চলিকতাবাদ প্ৰতিষ্ঠা কৰাৰ লক্ষ্য আগত ৰাখি মৰাণৰ লাচিত বৰফুকন সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত ৰাইজৰ দলৰ অভিৱৰ্তনৰ দ্বিতীয় দিনা সাম্প্ৰতিক জাতীয় প্ৰেক্ষাপট আৰু ৰাইজৰ দলৰ ভৱিষ্যৎ কৰ্মপন্থাৰ ওপৰত অসমৰ বিভিন্ন জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু বিশিষ্ট বুদ্ধিজীৱী তথা নাগৰিকৰ পৰামৰ্শ গ্ৰহণ কৰিবৰ বাবে অনুষ্ঠিত হয় সভা । সংগীত শিল্পী মানস ৰবীন, মহেন্দ্ৰ হাজৰিকাৰ পৰা আৰম্ভ কৰি বহু কেইটা জাতীয় সংগঠনৰ নেতা , শিক্ষাবিদ, বুদ্ধিজীৱী এই অনুষ্ঠানত অংশ গ্ৰহণ কৰি ৰাইজৰ দলৰ ভবিষ্যত কৰ্মপন্থা সম্পৰ্কে আলোচনা কৰে ।

উক্ত সভাতে বৰ্তমানৰ চৰকাৰৰ বিৰুদ্ধে বিশ্বাসঘাতক , সাম্প্ৰদায়িক , জাতিৰ অস্তিত্ব বুজি নোপোৱা, জাতিৰ ভবিষ্যত কথা চিন্তা নকৰাৰ অভিযোগ উত্থাপন কৰি এই চৰকাৰক ওফৰাই এক সুস্থ আঞ্চলিকতাবাদী চৰকাৰ প্ৰতিষ্ঠা কৰিবলৈ সকলোৱে সংকল্প লয় ।

ৰাইজৰ দলৰ অভিৱৰ্তনত উপস্থিত হৈ কি ক‘লে মহেন্দ্ৰ হাজৰিকাই ?

আনহাতে শিল্পী মহেন্দ্ৰ হাজৰিকাই মানুহ ভালপোৱা এমুঠি মানুহ বিচাৰি আহিছো বুলি মন্তব্য কৰি কয় যে, ৰাজনীতিয়ে অসমীয়াক ভাগ ভাগ কৰি পেলাইছে । সভা সমিতিয়ে শংকৰ, মাধৱৰ কথা কৈ ভিতৰি আমাক জুই লগাই দিয়া মানুহ আমাক নালাগে লগতে কৃষক নেতা অখিলে সাধাৰণ জনতাৰ কথা কৈছিল বুলি গানেৰে অভিৱৰ্তনত উপস্থিত ৰাইজৰ আগত মনৰ কথা প্ৰকাশ কৰে শিল্পীগৰাকীয়ে ।
লগতে পঢ়ক: বাৰ্ড ফ্লুঃ অসম ৰাজ্যিক চিৰিয়াখানাত নিষিদ্ধ কৰা হ‘ল মুৰ্গীৰ মাংস

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.