ETV Bharat / state

মিঞা সংগ্ৰহালয় সন্দৰ্ভত কি ক'লে লুৰীণজ্যোতি গগৈয়ে ? - museum

টিংখাং আছুৰ বিংশতিতম এদিনীয়া অধিৱেশনত অংশগ্ৰহণ কৰি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় নিৰ্মাণ সন্দৰ্ভত অব্যাহত থকা বিতৰ্ক সম্বৰ্কত, প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আছুৰ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ৷

লুৰীণজ্যোতি গগৈ
লুৰীণজ্যোতি গগৈ
author img

By

Published : Oct 27, 2020, 4:15 PM IST

টিংখাং, 27 অক্টোবৰ: টিংখাঙৰ ধমনত অনুষ্ঠিত টিংখাং আছুৰ বিংশতিতম এদিনীয়া অধিৱেশনৰ লগত সংগতি ৰাখি নিৰ্মাণ কৰা শ্বহীদ বেদী উদ্বোধন কৰে আছুৰ সম্পাদক লুৰীণজ্যোতি গগৈয়ে ৷ অনুষ্ঠানত উপস্থিত থাকি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিঞা সংগ্ৰহালয় নিৰ্মাণ সন্দৰ্ভত অব্যাহত থকা বিতৰ্ক সম্বৰ্কত সম্পাদগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ তেওঁ কয়, "সমগ্ৰ বিষয়টোত অনুমোদন প্ৰদান কৰিছে এখন কমিটীয়ে ৷ সেই কমিটীখনৰ অধিকাংশ লোকেই বিজেপিৰ ৷ 15 জনীয়া কমিটীখনৰ 10 গৰাকী সদস্যই মিত্ৰজোঁট চৰকাৰৰ ৷ বিষয়টোক লৈ কংগ্ৰেছ, বিজেপি, অগপ দলে সাম্প্ৰদায়িক ৰাজনীতি কৰিব বিচাৰিছে ৷"

মিঞা সংগ্ৰহালয় সন্দৰ্ভত কি ক'লে লুৰীণজ্যোতি গগৈয়ে ?

ইয়াৰোপৰি তেওঁ কয়, ধৰ্মীয় দৃষ্টিভংগীৰে কলাক্ষেত্ৰ গঢ় লৈ উঠা নাই ৷ ইয়াক লৈ কৰা হিন্দু-মুছলমান ৰাজনীতিয়ে অসমৰ সমাজ জীৱনৰ নেতিবাচক প্ৰভাৱ পেলাব বুলিও মন্তব্য কৰে ছাত্ৰনেতা গৰাকীয়ে ৷ লগতে তেওঁ জাতীয়তাবাদী শিবিৰ সমূহক একত্ৰিত হ'বলৈ আহ্বান জনায় যাতে ভোট বিভাজন নহয় ৷ একত্ৰিত নহ'লে বিজেপি-কংগ্ৰেছ দলে ইয়াৰ পৰা মুনাফা লভিব বুলিও কয় তেওঁ ৷ লগতে বিজেপি দলৰ সভাপতি আৰু অগপৰ সভাপতি গৰাকীৰ বিৰুদ্ধেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে লুৰীণজ্যোতি গগৈয়ে ৷

লগতে পঢ়ক: মূল‍্যবৃদ্ধিঃ হাহাকাৰ লাগিছে সাধাৰণ জনতাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.