মৰাণ,13 ডিচেম্বৰঃ আজিৰ পৰা এটা বছৰৰ আগতে CAA বিৰোধী আন্দোলনে স্তব্ধ কৰি দিছিল অসমৰ জনজীৱন । ৰাইজ স্বতঃফুৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছিল । কোনোপধ্যে অসমৰ ৰাইজে জাতি ধ্বংসী অভিহিত নাগৰিকত্ব সংশোধনী আইন মানি নলও বুলি তীব্ৰ প্ৰতিবাদৰ জড়িতে বুজাই দিছিল । এই আইনৰ বিৰোধিতাৰে আন্দোলন কৰি ৫ জন অসমীয়া যুৱক শ্বহীদ হ'ল।
পুনৰ নাগৰিকত্ব সংশোধনী আইন বিৰোধিতা কৰি ঠায়ে ঠায়ে আৰম্ভ হৈছে আন্দোলন । শনিবাৰে মৰাণৰ মাহমৰাত এক অনুষ্ঠানত অংশ লৈ প্ৰাক্তন আছুৰ সম্পাদক গৰাকীয়ে CAA আন্দোলনৰ ৫ শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰে । লগতে CAA আন্দোলনৰ ৫ শ্বহীদক স্মৰণ কৰি পুনৰ CAA আন্দোলনৰ কথা ক'লে লুৰীণজ্যোতি গগৈয়ে ।
সদ্য আছু ত্যাগী নেতাজনে সাংবাদিকৰ আগত কয় যে, জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ বিষয় নাগৰিকত্ব সংশোধনী আইন । বিজেপি চৰকাৰে সংবিধানৰ বাহিৰৰ এটা বিষয় জোৰ কৰি অসমৰ ৰাইজৰ ওপৰত জাপি দিছে । ৫ শ্বহীদৰ ত্যাগৰ আদৰ্শটোক লৈ নতুন প্ৰজন্ম আৰু জাতীয়তাবাদী সকলো দল সংগঠনে CAA আন্দোলন আগুৱাই নিব লাগিব । CAA অসমত বলৱৎ হ'লে আমাৰ নিজৰ ভাষা, সংস্কৃতি, ৰাজনীতিৰ স্বাধীনতা নিঃশেষ হ'ব । গতিকে অসমৰ ৰাইজে CAA বাতিল নোহোৱা পৰ্যন্ত আন্দোলন কৰিব লাগিব । নাগৰিকত্ব সংশোধনী আইন অসমৰ পৰা আঁতৰাই নিনিয়া পৰ্যন্ত শক্তিশালীভাৱে CAA আন্দোলন অব্যাহত থাকিব বুলিও নেতা গৰাকীয়ে কয় ।
লগতে পঢ়কঃ তিৱা স্বায়ত্ব শাষিত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰ চলোৱাত ব্যস্ত যতীন বৰা আৰু বিদ্যাসাগৰ