ETV Bharat / state

Price hike in Assam; চৰকাৰে চামুচেৰে দি বেলচা মাৰি নিছে, সাধাৰণ জনতা দুখীয়া হৈ গৈছে: লুৰীণজ্যোতি গগৈ

author img

By ETV Bharat Assamese Team

Published : Oct 29, 2023, 1:40 PM IST

চৰকাৰে যদি হিতাধিকাৰীক অৰুণোদয় আঁচনি আৰু বিনামূলীয়া চাউল দিছে তেন্তে চৰকাৰে আকৌ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে সকলোতে কৰ বৃদ্ধি কৰি চামুচেৰে দি বেলচা মাৰি লৈ যোৱাৰ দৰে হৈছে ৷ অসমৰ জনতাৰ এতিয়া লাওলোৱা অৱস্থা ৷ এতিয়া অসমত এটি শিশুৱে জন্ম হৈয়ে চল্লিশ হাজাৰ টকা ঋণৰ বোজা লৈছে ৷ এই মন্তব্য লুৰীণজ্যোতি গগৈৰ ৷

Price hike in Assam
চৰকাৰে চামুচেৰে দি বেলচা মাৰি নিছে, সাধাৰণ জনতা দুখীয়া হৈ গৈছে- লুৰীণজ্যোতি গগৈ

মৰাণ, 29 অক্টোবৰ : ৰাজ্যৰ সৰ্বসাধাৰণ জনতাক অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মুল্যবৃদ্ধিয়ে কোঙা কৰাৰ সময়ত যোৱা নিশা মৰাণত তিলৈ আয়োজন কৰা হয় ভাওনা সমাৰোহৰ সামৰণি অনুষ্ঠান ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি চৰকাৰক মূল্যবৃদ্ধি সন্দৰ্ভত সমালোচনা কৰে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

সভাপতি গগৈয়ে কয় যে, চৰকাৰে যদি হিতাধিকাৰীক অৰুণোদয় আঁচনি আৰু বিনামূলীয়া চাউল দিছে তেন্তে চৰকাৰে আকৌ অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে সকলোতে কৰ বৃদ্ধি কৰি চামুচেৰে দি বেলচা মাৰি লৈ যোৱাৰ দৰে হৈছে । অসমৰ জনতাৰ এতিয়া লাওলোৱা অৱস্থা ৷ এতিয়া অসমত এটি শিশুৱে জন্ম হৈয়ে চল্লিশ হাজাৰ টকা ঋণৰ বোজা লৈছে ৷

আনহাতে, লোকসভা নিৰ্বাচনৰ সন্দৰ্ভতো বিৰূপ মন্তব্য প্ৰকাশ কৰে লুৰীণজ্যোতি গগৈয়ে । গগৈয়ে কয় যে সকলো ৰাজনৈতিক দল যেতিয়া এক হৈছে তেনে বিজেপিয়ে ভয় খোৱাতো স্বাভাৱিক । জনতাৰ খং ক্ষোভৰ এতিয়া বহিঃপ্ৰকাশ ঘটিছে । ইয়াৰ ফলাফল চাৰি মাহৰ ভিতৰত দেখা পাব ।

উল্লেখযোগ্য যে মৰাণৰ তিলৈ নগৰৰ ঐতিহ্যমণ্ডিত বাৰ্ষিক ভাওনাই চলিত বৰ্ষত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষত ভৰি দিছে ৷ তিলৈনগৰ আঞ্চলিক ভাওনা সমিতিৰ উদ্যোগত আৰু বৃহত্তৰ মৰাণৰ ৰাইজৰ সহযোগত যোৱা 24 অক্টোবৰৰ পৰা পাঁচদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সোণালী জয়ন্তী সমাৰোহ শনিবাৰে নিশা সামৰণি পৰে । সামৰণি অনুষ্ঠানৰ অন্তিম দিনা দিনৰ ভাগত সহস্ৰাধিক লোকৰ ভাগৱত শোভাযাত্ৰাই মোহিছে ৰাইজক ।

সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশৰ মাজত পৰম্পৰাগত সাজ পিন্ধি ভক্তসকলে হৰিনামেৰে মুখৰিত কৰি তুলিছিল পৰিৱেশ । ইয়াৰ পাচতে নিশা "কুলাচল মুক্তিলাভ" শীৰ্ষক ভাওনা অনুষ্ঠিত হয় । এই অনুষ্ঠানত নিশা অতিথি হিচাপে অংশগ্ৰহণ কৰি চৰকাৰক তীব্ৰ সমালোচনা কৰে অসম জাতীয় পৰিষদ সভাপতি লুৰীণজ্যোতি গগৈয়ে ।

লগতে পঢ়ক: 106th episode of Mann Ki Baat : আজি সম্প্ৰচাৰিত হ’ব প্ৰধানমন্ত্ৰী মোদীৰ ১০৬ সংখ্যক মন কী বাত অনুষ্ঠান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.