ডিব্ৰুগড়, 26 আগষ্ট : 'কা’ আন্দোলনৰ ফলশ্ৰুতিত জন্ম লাভ কৰা অসম জাতীয় পৰিষদে জিলাই জিলাই দলীয় কাম কাজ তৎপৰতাৰে আৰম্ভ কৰাটো পৰিলক্ষিত হৈছে । বিশেষকৈ অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠনসমূহ শক্তিশালী কৰি বিভিন্ন কাৰ্যপন্থা হাতত লৈছে । ইয়াৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে ডিব্ৰুগড়ত অনুষ্ঠিত হয় অসম জাতীয় পৰিষদৰ যুৱ অভিৱৰ্তন (Yuba abhibartana held in Dibrugarh)।
চহৰখনৰ আমোলাপট্টিস্থিত নাট্য মন্দিৰত আয়োজন কৰা হয় এই যুৱ অভিৱৰ্তনৰ অনুষ্ঠান । অভিৱৰ্তনত অংশগ্ৰহণ কৰে জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ (Lurinjyoti Gogoi participated Yuba abhibartan), জাতীয় যুৱ শক্তিৰ সভানেত্ৰী লাকীমণি বৰুৱা, প্ৰাক্তন বিধায়ক অনুপ ফুকনকে ধৰি বহু কেইজন শীৰ্ষ নেতাই । আনকি অভিৱৰ্তনত AJP ৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় পাঁচ শতাধিক যুৱক-যুৱতীয়েও অংশগ্ৰহণ কৰে ।
অভিৱৰ্তনত কেনেকৈ অসম জাতীয় পৰিষদৰ যুৱ শক্তি শক্তিশালী কৰিব পাৰি, সেই বিষয়ত গঠনমূলক আলোচনা কৰাৰ লগতে কিছু কৰ্মপন্থা ৰূপায়ন কৰিছে দলটোৱে । এই অভিৱৰ্তনত অংশগ্ৰহণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে কয়, ‘‘অসমৰ জাতীয় জীৱনলৈ নামি অহা সন্ধিক্ষণত জাতীয় যুৱ শক্তিয়েই একক আৰু অনন্য হ’ব । অসম জাতীয় পৰিষদৰ যুৱ শক্তি অসমৰ যুৱক-যুৱতীসকলৰ শিক্ষা, নিয়োগকে ধৰি সকলো সমস্যা সমাধানৰ বাবে শক্তিশালীভাৱে উপস্থাপন কৰিবলৈ সক্ষম হ’ব’’ । লগতে এতিয়া সমাজ জীৱনলৈ যি ভাষিক, অৰ্থনৈতিক, ৰাজনৈতিক সংকট আহিছে, তাক নোহোৱা কৰিবলৈ অসম জাতীয় পৰিষদে এটা সময়ত সক্ষম হ’ব বুলিও সভাপতি লুৰিণজ্যোতি গগৈয়ে কয় ।
লগতে পঢ়ক : এবিভিপিয়ে হিমন্তবিশ্ব শৰ্মাক ভোট নিদিবলৈও আহ্বান জনাব পাৰে