ETV Bharat / state

Pipe bridge over Dichang river: দলং উদ্বোধন কৰি চৰকাৰক কটাক্ষ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈৰ

author img

By

Published : Apr 6, 2023, 10:32 PM IST

চৰকাৰৰ বিফলতাৰ স্বৰূপ উদঙালে অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ৷ নাহৰকটীয়াৰ শুকানি ২ নং দীঘলীয়া আৰু নাওকটা, মেৰবন্ধা সংযোগী দলং উদ্বোধন কৰি চৰকাৰৰ অৰ্কমণ্যতাৰ কথা ৰাইজক সোঁৱৰাই দিলে লুৰীণজ্যোতি গগৈয়ে (Lurinjyoti Gogoi inaugurates pipe bridge) ৷ দিচাং নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই পাইপ দলংখন ৷

lurinjyoti gogoi inaugurates pipe bridge
পাইপ দলঙৰ বৃহস্পতিবাৰে শুভ উদ্বোধন

ডিব্ৰুগড়, 6 এপ্ৰিল : অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে অইল ইণ্ডিয়া লিমিটেডৰ সহযোগত আৰু স্থানীয় ৰাইজৰ উদ্যোগত চাচনী শুকানি ২ নং দীঘলীয়া আৰু নাওকটা, মেৰবন্ধা সংযোগী দিচাং নদীৰ ওপৰত নিৰ্মাণ কৰা পাইপ দলঙৰ বৃহস্পতিবাৰে শুভ উদ্বোধন কৰে (Pipe bridge over Dichang river) ।

উল্লেখ্য যে, চৰকাৰে এই অঞ্চলৰ ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত কোনোধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈ আহিছে ৷ অৱশেষত অইল ইণ্ডিয়া লিমিটেডে যোগান ধৰা লোহাৰ পাইপৰ দ্বাৰা অসম জাতীয় পৰিষদৰ ডিব্ৰুগড় জিলাৰ কাৰ্যনিৰ্বাহক বিদ্যাংগ বৰগোহাঁই আৰু নাহৰকটীয়া সমষ্টি সমিতিৰ সম্পাদক বিকাশ বৰুৱাই আগভাগ লৈ দলংখনৰ নিৰ্মাণৰ দিহা কৰে ৷ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়েও কিছু আৰ্থিক অনুদান আগবঢ়াই দলং নিৰ্মাণৰ বাবে ৷

ইয়াৰ লগতে স্থানীয় ৰাইজৰ সহযোগ তথা শ্ৰমদানেৰে নিৰ্মাণ কৰি উলিওৱা এই পাইপ দলংখন বৃহস্পতিবাৰে উদ্বোধন কৰে অজাপৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে (Lurinjyoti Gogoi inaugurates pipe bridge) ৷

দলং উদ্বোধন কৰি গগৈয়ে কয়, "চৰকাৰৰ চকুত নপৰা এনে ভিতৰুৱা অঞ্চলৰ ৰাইজে নিজা প্ৰচেষ্টাত নিৰ্মাণ কৰি উলিওৱা এই দলং খনে প্ৰমাণ কৰে যে ৰাইজে ইচ্ছা কৰিলে সকলো সম্ভৱ । ৰাইজে কৈছিল যে, শুকানি ২ নং দীঘলীয়া আৰু নাওকটা, মেৰবন্ধা সংযোগ কৰিবলৈ তথা খেতিৰ দিনত পাৱাৰটিলাৰখন পাৰ কৰি পথাৰলৈ নিবলৈ এখন দলঙৰ অতিকৈ প্ৰয়োজন । ৰাইজে দশক দশক ধৰি এডাল বাঁহৰ সাঁকোৰে এই অঞ্চল সমূহলৈ যাবলগীয়া হয় অথবা বহু দূৰ ঘুৰি যাবলগীয়া হয় । সেয়েহে ৰাইজক লগত লৈ এই প্ৰচেষ্টা হাতত লোৱা হয় আৰু আজি এই অঞ্চলবাসী ৰাইজৰ দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি এই দলং আনুষ্ঠানিকভাৱে উদ্বোধন কৰিবলৈ পাই আনন্দিত হৈছোঁ ।"

ইফালে আজি দীঘলীয়া গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰাণু গগৈয়েও উদ্বোধনী সভাখনত অংশগ্ৰহণ কৰি এই দলং খন নিৰ্মাণ কৰাৰ বাবে লুৰীণজ্যোতি গগৈৰ লগতে সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে । আজিৰ এই অনুষ্ঠানত অজাপৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিৰ ৰাজ্যিক সম্পাদক স্বাক্ষৰ বৰগোহাঁইৰ লগতে অজাপৰ কাৰ্যকৰ্তা আৰু গাঁৱৰ প্ৰায় দুই শতাধিক ৰাইজ উপস্থিত থাকে (pipe bridge over Dichang river at Naharkatia) ।

লগতে পঢ়ক : Poor road condition: কুম্ভকৰ্ণ নিদ্ৰাত মন্ত্ৰী, বিধ্বস্ত পথে জলা কলা খুৱাইছে ৰাইজক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.