ETV Bharat / state

মুখ্যমন্ত্ৰীক ফল’ কৰে লুৰিণে: ৰামেশ্বৰ তেলী

author img

By

Published : Mar 20, 2021, 4:43 PM IST

আছুৰ পৰা সৰ্বানন্দও আহিছে, লুৰিণো আহিছে । সৰ্বানন্দ সোণোৱালে দৰিদ্ৰ পৰিয়ালৰ ঘৰত গৈ ভাত খাইছিল । তাকে অনুকৰণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণে দৰিদ্ৰ পৰিয়ালৰ ঘৰত গৈ ভাত খাইছে । নাহৰকটীয়া সমষ্টিত অনুষ্ঠিত বিজেপি দলৰ যোগদান কাৰ্যসূচীত উপস্থিত থাকি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে উল্লেখ কৰে এই কথা ৷

lurin follow cm sonowal rameshwar teli
মুখ্যমন্ত্ৰীক ফল’ কৰে লুৰিণে: ৰামেশ্বৰ তেলী

ডিব্ৰুগড়,20 মাৰ্চ: মুখ্যমন্ত্ৰীক ফল’ কৰে লুৰিণে ৷ সোণোৱালক অনুকৰণ কৰি মুখ্যমন্ত্ৰী হ’ব বিচাৰিছে লুৰিণে- এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ ৷ নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই আৰম্ভ হৈছে মন্ত্ৰী-বিধায়ক-নেতাৰ বাকযুদ্ধ । অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈক শনিবাৰে এইদৰে কটাক্ষ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ ৰামেশ্বৰ তেলীয়ে ।

বিজেপি দলৰ নাহৰকটীয়া সমষ্টিৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত উপস্থিত থাকি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে, আছুৰ পৰা সৰ্বানন্দও আহিছে, লুৰিণো আহিছে । সৰ্বানন্দ সোণোৱালক অনুকৰণ কৰি লুৰিণো মুখ্যমন্ত্ৰী হ’ব বিচাৰে । সৰ্বানন্দ সোণোৱালে দৰিদ্ৰ পৰিয়ালৰ ঘৰত গৈ ভাত খাইছিল । তাকে অনুকৰণ কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণে দৰিদ্ৰ পৰিয়ালৰ ঘৰত গৈ ভাত খাইছে ।

তেওঁ লগতে কয় যে, বিজেপিৰ জনসম্পৰ্ক কাৰ্যসূচীৰ অংশ হিচাপে মুখ্যমন্ত্ৰীয়ে দৰিদ্ৰ পৰিয়ালৰ ঘৰত উপস্থিত হৈ ভাত খাইছিল, তেওঁলোকৰ খা-খবৰ লৈছিল ৷ লুৰিণে তাকে অনুকৰণ কৰি বৃহস্পতিবাৰে নিশা নাহৰকটীয়াৰ চাচনীত ভাত খায় ৷

লগতে পঢ়ক : এআইচিচিৰ মুখপাত্ৰ গৌৰৱ বল্লভৰ সৈতে ইটিভিৰ ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.