ETV Bharat / state

নাহৰকটীয়াত লক ডাউন অমান্য শ্যাম মিক্সাৰ কোম্পানীৰ

author img

By

Published : Apr 5, 2020, 8:22 PM IST

লক ডাউন অমান্য নাহৰকটীয়াৰ শ্যাম মিক্সাৰ কোম্পানীৰ ৷ প্ৰধানমন্ত্ৰীৰ নিৰ্দেশক বুঢ়া আঙুলি দেখুৱাই চলাই গৈছে কাৰখানা ৷

Lock down violation of shyam mixture company naharkatia
লক ডাউন অমান্য শ্যাম মিক্সাৰ কোম্পানীৰ

নাহৰকটীয়া,5 এপ্ৰিলঃ বৰ্তমান দেশত স্থবিৰ হৈ পৰিছে চৰকাৰী-বেচৰকাৰী সকলো ঔদ্যোগিক প্ৰতিষ্ঠান ৷ আৱশ্যকীয় পৰিসেৱা সমূহৰ বাদে সম্প্ৰতি দেশত বন্ধ সকলো সেৱা ৷ ইয়াৰ মাজতে গ্ৰাম্যাঞ্চলৰ একাংশ অসাধু ব্যৱসায়ীয়ে লক ডাউনৰ সুযোগত চলাই গৈছে উদ্যোগ সমূহ ৷ তেনে এগৰাকী আইন অমান্যকাৰী ব্যৱসায়ীৰ খবৰ লাভ কৰি নাহৰকটীয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ শইকীয়া আৰু চক্ৰ বিষয়া বিক্ৰম চেত্ৰীয়ে এক অভিযান চলায় ৷ এই অভিযান চলে নাহৰকটীয়াৰ ১ নং লংজং গাঁৱৰ গোৱালাপট্টিস্থিত শ্যাম মিক্সাৰ কোম্পানীত ৷

লক ডাউন অমান্য শ্যাম মিক্সাৰ কোম্পানীৰ

উক্ত অভিযানত লঘু উদ্যোগটোৰ কৰ্মচাৰীসকলক কাম কৰি থকা দেখি গৰাকী মনোৰঞ্জন সাহাক এই সম্পৰ্কে সোধ-পোছ কৰে নাহৰকটীয়া প্ৰশাসনৰ দলটোৱে ৷ মজুত ৰখা কেঁচা সামগ্ৰীৰ বাবে বান্দৰৰ উপদ্ৰৱ হোৱা হেতুকে নিৰ্দিষ্ট সামগ্ৰীসমূহ শেষ কৰিবলৈ উদ্যোগটো চলোৱা বুলি উল্লেখ কৰে গৰাকী সাহাই ৷ অৱশ্যে,নাহৰকটীয়া প্ৰশাসনে স্বত্বাধিকাৰী গৰাকীক আটক কৰাৰ লগতে ততালিকে বন্ধ কৰে উদ্যোগটোৰ কাম-কাজ ৷

লগতে চাওকঃ লক ডাউনৰ প্ৰভাৱঃ কেনে আছে অসুস্থ পশু-পক্ষী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.