ETV Bharat / state

Poor family of Moran : দুৰ্ভগীয়া পৰিয়ালটোৰ ওপৰত চকু পৰিবনে জনপ্ৰতিনিধিৰ ?

চৰকাৰী আঁচনিৰ পৰা বঞ্চিত মৰাণৰ এটা দুৰ্ভগীয়া পৰিয়াল । পুত্ৰ-বোৱাৰীক হেৰুওৱাৰ পাছত মাতৃয়ে যতন লৈছে দুই নাতি-নাতিনীৰ (Life struggle of a Family)। উপাৰ্জনৰ সকলো পথ বন্ধ হোৱাৰ পাছতো জনপ্ৰতিনিধিয়ে পিঠি দিছে পৰিয়ালটোলৈ ।

author img

By

Published : Jan 19, 2023, 1:35 PM IST

Poor family of Moran
দুৰ্ভগীয়া পৰিয়ালটোৰ ওপৰত চকু পৰিবনে জনপ্ৰতিনিধিৰ

মৰাণ,১৯ জানুৱাৰী : প্ৰথমে মাতৃৰ বিয়োগ আৰু তাৰ পাছত পিতৃকো অকালতে হেৰুৱালে দুই সন্তানে । এতিয়া তেওঁলোকৰ একমাত্ৰ সাৰথি বয়োজ্যেষ্ঠ আইতাক । জীৱন যুঁজত অৱতীৰ্ণ ঘাট মাউৰা ১৫ বছৰীয়া কিশোৰী আৰু ৭ বছৰীয়া ভাতৃ (Story of two orphan in Moran)।

এই কৰুণ কাহিনী ডিব্ৰুগড় জিলাৰ মৰাণৰ তিলৈ গাঁও পঞ্চায়তৰ অধীনৰ নাওকাটা গাঁৱৰ । পিতৃ-মাতৃক হেৰুৱাই একমাত্ৰ আইতাকৰ সৈতেই বাস কৰি আছে দুয়োটা সন্তানে । আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোৱে এতিয়া প্ৰতিটো দিনে সংগ্ৰাম কৰিবলগীয়া হৈছে (Life struggle of a family in Moran)। আশ্ৰয় বুলিবলৈ তেওঁলোকৰ আছে মাত্ৰ এটা জৰাজীৰ্ণ ঘৰ । বৰষুণ দিলেই ঘৰৰ ভিতৰত পানী জমা হয় । ঘৰৰ টিনবোৰ নষ্ট হৈ গৈছে যাৰ বাবে এখন ফটা ত্ৰিপালেৰে ঘৰটোক ৰ'দ আৰু বৰষুণৰ পৰা ৰক্ষা কৰিবলৈ প্ৰয়াস কৰিছে পৰিয়ালটোৱে ।

উপাৰ্জন বুলিবলৈ আইতাকৰ কেইডাল মান চাহ গছ আছে । তাৰ পৰা যি অলপ চাহপাত পায় সেয়াই একমাত্ৰ ভৰষা দুৰ্ভগীয়া পৰিয়ালটোৰ বাবে । প্ৰথমে মাতৃক আৰু শেহতীয়াকৈ পিতৃক হেৰুৱাই এতিয়া দুয়োটা সন্তানে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে । বৃদ্ধাগৰাকীয়েও নিজৰ পুত্ৰ-বোৱাৰীক হেৰুৱাই দিশহাৰা হৈ পৰিছে । তথাপিও নাতি-নাতিনীৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই জীৱন সংগ্ৰাম চলায় গৈছে ।

পৰিতাপৰ কথাটো হ'ল যে অৰুণোদয় আঁচনিৰ বাহিৰে চৰকাৰী কোনো সাহায্য নাপায় পৰিয়ালটোৱে (Family deprived of govt scheme facility)। পিতৃৰ বিয়োগৰ পাছত কিশোৰীগৰাকীক চাইকেল আৰু আন আন সুবিধা দিব বুলি স্থানীয় বিধায়কে আশ্বাস দিছিল যদিও সেয়া কেৱল মিছা প্ৰতিশ্ৰুতিহে আছিল । যাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীলৈ দশম শ্ৰেণীত অধ্যয়নৰত কিশোৰীগৰাকীৰ অনুৰোধ," মামা আমাৰ বৰ অসুবিধা হৈছে । আমাৰ মা-দেউতা নাই । পঢ়িবলৈও অসুবিধা হৈছে, ঘৰটোতও পানী পৰে । অলপ ঠিক কৰি দিয়ক ।"

লক্ষণীয়ভাৱে তেওঁলোকৰ পিতৃৰ নামত চৰকাৰী ঘৰ আৱণ্টন হৈছিল যদিও তেওঁৰ বিয়োগৰ পাছত এতিয়া পঞ্চায়তৰ লোকে কৈছে তেওঁলোকে হেনো চৰকাৰী ঘৰটো নাপায় । ফলত যথেষ্ট পৰিমাণে নিৰাশ হৈছে পৰিয়ালটো । স্থানীয় বিধায়ক চক্ৰধৰ গগৈৰ ওচৰলৈ পৰিয়ালটো গৈছে যদিও আজিলৈ কোনো সুফল পোৱা নাই । যাৰ বাবে সকলো দিশৰ পৰা বঞ্চিত হৈ আছে দুৰ্ভগীয়া পৰিয়ালটো । সেয়ে এতিয়া স্থানীয় লোকসকলে চৰকাৰ তথা জনপ্ৰতিনিধিক আহ্বান জনাইছে ঘাট মাউৰা দুই সন্তান আৰু তেওঁলোকৰ একমাত্ৰ ভৰষা আইতাকৰ সহায়ৰ বাবে যেন কোনো উপযুক্ত পদক্ষেপ গ্ৰহণ কৰে ।

লগতে পঢ়ক :JMCH suicide attempt case: পত্নীয়ে কন্যা সন্তান জন্ম নিদিয়াৰ বাবেই স্বামীৰ আত্মহত্যাৰ চেষ্টা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.