মৰাণ, ১১ নৱেম্বৰ: অধ্যয়নৰ স্পৃহা পুনৰ ৰাইজৰ মাজলৈ উভটাই অনাৰ মানসেৰে মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ৰ চক্ৰ বিষয়া লুকুমণি বৰাই নিজা চিন্তাৰে গ্ৰহণ কৰিছs এক বিশেষ পদক্ষেপ । বিষয়াগৰাকীয়ে মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ত নতুনকৈ স্থাপন কৰিছ 'প্ৰজ্ঞান' নামৰ এটা পুথিভঁৰাল । য'ত পাঠকে পঢ়িবলৈ পাব ভিন্ন বিষয়ৰ পুথি ।
বিশেষ কাম লৈ চক্ৰ বিষয়া কাৰ্যালয়লৈ অহা ব্যক্তি সকলৰ সময়ৰ সদব্যৱহাৰ কৰাৰ উদ্দেশ্যে স্থাপন কৰা এই পুথিভঁৰালটো মুকলি কৰে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই । লগতে এই অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত ৰঞ্জিত কোঁৱৰ ৷
লগতে পঢ়ক : মাৰ্ঘেৰিটাত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত মহিলা