ডিব্ৰুগড়, 15 মে‘: ডিব্ৰুগড়ৰ বি চি পি এল তথা গেছ ক্ৰেকাৰ প্ৰকল্পৰ ভিতৰত বাঘৰ আতংক । গেছ ক্ৰেকাৰ প্ৰকল্পৰ নগৰ এলেকাত দীৰ্ঘদিন ধৰি অব্যহত আছিল বাঘৰ আতংক । অৱশেষত বৃহস্পতিবাৰে নিশাৰ ভাগত পিঞ্জৰাবদ্ধ হয় প্ৰকাণ্ড নাহৰফুটুকী । নিশা বি চি পি এলৰ নগৰ এলেকাৰ আবাসিক এলেকাৰ ১৯ নম্বৰ গেটৰ সমীপত বনবিভাগে পিঞ্জৰাবদ্ধ কৰে এজনী মাইকী নাহৰফুটুকী বাঘ ।
প্ৰকল্পৰ সুউচ্চ পকী দেৱাল থকাৰ পৰিপেক্ষিতত কেনেকৈ নাহৰফুটুকী বাঘ নগৰ এলেকাত প্ৰবেশ কৰিলে তাক লৈও সৃষ্টি হৈছে চাঞ্চল্যৰ । অৱশেষত ডিব্ৰুগড়ৰ বনবিভাগে পাতি থোৱা এটা পিঞ্জৰাৰ ভিতৰত আবদ্ধ কৰা হয় বাঘিনীজনী । বাঘিনী পিঞ্জৰাবদ্ধ হোৱাৰ পাছত এতিয়া স্বস্তিৰ নিশ্বাস পেলাইছে বি চি পি এলৰ আৱাসী সকলে । ইফালে চাহ বাগিছাৰে আগুৰি থকা বি চি পি এল চৌহদৰ ভিতৰত আৰু বাঘ থকাৰ সন্দেহ প্ৰকাশ কৰিছে বন বিভাগ আৰু আবাসিক কলনীৰ বাসিন্দা সকলে ।
লগতে পঢ়ক : অসমত উৎপাদিত ফলমুলৰ ব্যৱসায় হ'ব পাৰে আত্মনিৰ্ভৰশীলতাৰ অন্যতম উপায় !