ডিব্ৰুগড়,23 আগষ্ট: দীৰ্ঘদিন ধৰি লেঙেৰিজান চাহ বাগিছাত নাহৰফুটুকীৱৰ গৰু ছাগলী ভক্ষণ কৰি আতংকৰ সৃষ্টি কৰি আহিছিল ৷ শুকুৰবাৰে পুৱা বন বিভাগে স্থাপন কৰা পিঞ্জৰাত আৱদ্ধ হয় নাহৰফুটুকীটো ৷
ইফালে এই ঘটনা বাগিচাখনত বিয়পি পৰাত বনৰজাক ওচৰৰ পৰা চোৱাৰ লগতে বাঘৰ লগত একপি চেল্ফি মাৰিবলৈ ভিৰ কৰেহি অজস্ৰজনে ৷ নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত এতিয়া স্বষ্টিৰ নিস্বাস এৰিছে বাগিচাখনৰ শ্ৰমিক সকলে ৷ শ্ৰমিকসকলৰ দাবী বাগানত বিচৰণ কৰি থকা আন কেইটাও বাঘ অতিশীঘ্ৰে পিঞ্জৰাবদ্ধ কৰিব লাগে ৷ বন বিভাগে জনোৱা অনুসৰি পিঞ্জৰাবদ্ধ নাহৰফুটুকীটো জয়পুৰ বৰ্ষাৰণ্যত মোকলাই দিব বন বিভাগে ৷