ETV Bharat / state

Price hike:মূল্যবৃদ্ধিৰ বিৰুদ্ধে মাৰি বান্ধি থিয় হৈছে বাওঁপন্থী দল

author img

By

Published : Jul 15, 2023, 7:01 PM IST

মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিব্ৰুগড়ত বাওঁপন্থী দলৰ যৌথ প্ৰতিবাদ ৷ ব্যৰ্থতা স্বীকাৰ কৰি মোদী আৰু অসমৰ মুখ্যমন্ত্ৰীক পদত্যাগ কৰিবলৈ কৈছে নেতৃবৰ্গই ৷

Left parties standing firm against price hike
মূল্যবৃদ্ধিৰ বিৰুদ্ধে যৌথ প্ৰতিবাদ
মূল্যবৃদ্ধিৰ বিৰুদ্ধে যৌথ প্ৰতিবাদ

ডিব্ৰুগড়, 15 জুলাই : বৰ্তমান অসমত কি চলিছে ? চৰকাৰে কোৱাৰ দৰে বন্ধ হৈ পৰিল নেকি অসমত আন্দোলন ? নহয়, চৰকাৰে কোৱাৰ দৰে নহয়, দৰাচলতে প্ৰতিবাদেৰেহে মুখৰ হৈ আছে অসম ৷ প্ৰায় প্ৰতিটো বিভাগৰ ফোপোলা স্বৰূপৰ লগতে শেহতীয়াকৈ খাদ্য আৰু যোগান বিভাগে সংকটত পেলাইছে জনলসাধাৰণক ৷

ইন্ধনৰ পৰা আৰম্ভ কৰি সকলো নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে । ফলত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সৰ্বসাধাৰণক । সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিয়ে হাহাকাৰ লগাইছে ৰাজ্যবাসীক ।

শনিবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে ডিব্ৰুগড়ত বাওঁপন্থী দলসমূহ প্ৰতিবাদ নামিল । মূল্যবৃদ্ধি নিয়ন্ত্ৰণত বিজেপি চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ অভিযোগ তুলি ডিব্ৰুগড় জিলা বাওঁপন্থী দল সমূহৰ আহ্বানত চৌকিডিঙী চাৰিআলিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰা হয় । CPI, CPI(M), CPI(ML), RCPI ৰ উদ্যোগত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলা হয় ।

আনহাতে এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণ কৰে বাওঁপন্থী দলে । স্মাৰক পত্ৰখনত খাদ্য, ঔষধ আদি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস কৰা, ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰি চাউল, দাইল, আটা, মিঠাতেল, চেনি, নিমখ আদি যোগান ধৰা, পেট্ৰল-ডিজেলৰ মূল্য হ্ৰাস কৰাৰ লগতে বিদ্যুৎ মাচুল, ৰন্ধন গেছ আদিৰ দাম হ্ৰাস কৰা, পৌৰকৰ বৃদ্ধিৰ সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী উত্থাপন কৰিছে । দল- সংগঠনৰ ধাৰাবাহিক প্ৰতিবাদৰ পাচত চৰকাৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে সেয়াহে লক্ষ্যনীয় হ’ব ।

লগতে পঢ়ক : AASU protest against price hike:মূল্যবৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল লখিমপুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.