ETV Bharat / state

গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ'ব লেচেৰী নাচ - Republic Day 2024

গণৰাজ্য দিৱসত এইবাৰ অসমক প্ৰতিনিধিত্ব কৰিব সোণোৱাল কছাৰী জনগোষ্ঠীৰ লেচেৰী নাচে । গণৰাজ্য দিৱসত টিংখাঙৰ ধমনৰ আঠগৰাকী সোণোৱাল কছাৰী যুৱতীয়ে প্ৰদৰ্শন কৰিব এই নাচ । টিংখাঙৰ ধমনত এতিয়া দিনে নিশাই তীব্ৰ গতিত চলিছে লেচেৰী নাচৰ আখৰা ।

Lechery dance to be performed on Republic Day in Delhi
গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ'ব লেচেৰী নাচ
author img

By ETV Bharat Assamese Team

Published : Dec 24, 2023, 1:12 PM IST

গণৰাজ্য দিৱসত প্ৰদৰ্শিত হ'ব লেচেৰী নাচ

টিংখাং,২৪ ডিচেম্বৰ: সমাগত গণৰাজ্য দিৱস । দিল্লীত অনুষ্ঠিত কেন্দ্ৰীয় গণৰাজ্য দিৱসৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত চলিছে ব্যাপক প্ৰস্তুতি । গণৰাজ্য দিৱসত এইবাৰ অসমক প্ৰতিনিধিত্ব কৰিব সোণোৱাল কছাৰী জনগোষ্ঠীৰ লেচেৰী নাচে ৷ আগন্তুক গণৰাজ্য দিৱসত টিংখাং সমষ্টিৰ ধমনৰ আঠগৰাকী সোণোৱাল কছাৰী যুৱতীয়ে প্ৰদৰ্শন কৰিব এই নাচ ৷ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত টিংখাঙৰ এই দলটোৱে গণৰাজ্য দিৱসত দেশবাসীৰ ওচৰত প্ৰদৰ্শন কৰিব সোণোৱাল কছাৰী জনগোষ্ঠীৰ লেচেৰী নাচ ৷

ডিম্পী সোণোৱালৰ নেতৃত্বত দলটোৱে ইতিমধ্যে তেওঁলোকৰ আখৰা তুংগত কৰি তুলিছে ৷ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে দলটোৱে সোমবাৰে দিল্লীলৈ ৰাওনা হ'ব আৰু ২৪ জানুৱাৰী পৰ্যন্ত দিল্লীত আখৰা কৰিব ৷ সোণোৱাল কছাৰীসকলৰ লেচেৰী নাচক ৰাষ্ট্ৰীয় পৰ্যায়ত উপস্থাপন কৰা বিষয়ক লৈ উৎফুল্লিত হৈ পৰিছে সোণোৱাল কছাৰী জনগোষ্ঠীৰ লোকসকল ।

উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ১ নং ধমন গাঁৱৰ নিবাসী তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ লোক-সংস্কৃতি বিভাগৰ গৱেষিকা ছাত্রী ডিম্পী সোণোৱালৰ প্ৰচেষ্টাত এই দলটোৱে গণৰাজ্য দিৱসত লেচেৰী নাচ বা নৃত্য প্ৰদৰ্শন কৰিবলৈ নিৰ্বাচিত হৈছে । কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ে প্ৰকাশ কৰা বিজ্ঞাপনৰ পাছতেই প্ৰতিযোগিতাৰ বাবে সোণোৱাল কছাৰিসকলৰ পৰম্পৰাগত লেচেৰী নাচৰ ভিডিঅ' প্ৰেৰণ কৰিছিল ।

ইয়াৰ পাছতেই কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ এই দলটোক গণৰাজ্য দিৱসৰ বাবে নিমন্ত্ৰণ জনোৱাত দিনে নিশাই চলিছে প্ৰস্তুতি । ইফালে গণৰাজ্য দিৱসত লেচেৰী নাচ প্ৰদৰ্শনৰ বাবে দলটো নিৰ্বাচিত হোৱাত উৎফুল্লিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজে । সকলোৱে দলটোলৈ জনাইছে শুভেচ্ছা ।

লগতে পঢ়ক: মাজুলীত বৰদিনক লৈ বিতৰ্ক, ৩৫ খন সত্ৰৰ বিপৰীতে ৬৫ টা গীৰ্জা স্থাপন হোৱাক লৈ উদ্বেগ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.