মৰাণ, 2 আগষ্ট : ৰাজ্যত অব্যাহত থকা ক'ভিড ভয়াৱহতাৰ মাজতে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে ৷ অভিযানত ইতিমধ্যেই অসমৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ হৈছে কোটি কোটি টকাৰ ড্ৰাগছ সহ অন্যান্য নিচাজাতীয় সামগ্ৰী ৷ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষী কঠোৰ হোৱা পিছতো কিন্তু এতিয়াও একাংশ লোকে অবৈধভাৱে এই সামগ্ৰীৰ ৰমৰমীয়া ব্যৱসায় চলাই আহিছে ৷ সোমবাৰে মৰাণহাট থানাৰ অন্তৰ্গত চেপন আৰক্ষী চকীৰ বিষয়া প্ৰতাপ শৰ্মাৰ নেতৃত্বত বিভিন্ন স্থানত চলিল অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান ৷
প্ৰাপ্ত খবৰ অনুসৰি, আৰক্ষী বিষয়া প্ৰতাপ শৰ্মাৰ নেতৃত্বত চেপনৰ অল্ড লাইনত অভিযান চলাৰ লগতে দিৰৈ নদীৰ কাষৰীয়া অঞ্চলতো অবৈধ চুলাই মদৰ বিৰুদ্ধে চলে এই অভিযান ৷ অভিযানত আৰক্ষীয়ে প্ৰায় এহাজাৰ লিটাৰ চুলাই, সাজ, ৰঙা আদি নষ্ট কৰাৰ লগতে চুলাই প্ৰস্তুত কৰাত ব্যৱহৃত সামগ্ৰী নষ্ট কৰে ৷ পৰৱৰ্তী সময়তো এই অভিযান চলি থাকিব বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়া প্ৰতাপ শৰ্মাই ৷ অবৈধ চুলাই মদৰ বেহা বন্ধ নোহোৱা পৰ্যন্ত আৰক্ষীয়ে অভিযান চলাই যাব বুলি প্ৰকাশ কৰিছে বিষয়া গৰাকীয়ে ৷
![Large number of illegal liquor destroy in Moran](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-moran-8028to8032-operationagainstillegalwineatsepon-as10031_02082021145520_0208f_1627896320_1104.jpg)
উল্লেখ্য যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছৰে পৰা ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষী তথা আবকাৰী বিভাগৰ অভিযান ৷
প্ৰতিদিনে অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ ড্ৰাগছ (Drugs)তথা নিচাজাতীয় সামগ্ৰী ৷ সোমবাৰে চলা এই অভিযানত আৰক্ষীয়ে বহুকেইটা ড্ৰাগছৰ ঘাটিও উৎখাত কৰিবলৈ সক্ষম হৈছে ৷ আনহাতে ৰাজ্যখনত ক'ভিড সৃষ্ট পৰিস্থিতিৰ অন্ত পেলোৱাৰ উদ্দেশ্যে এইবাৰ চৰকাৰে আৰক্ষীক ৰাজ্যৰ পৰা চুলাই মদৰ ঘাটিসমূহ নাইকীয়া কৰিবলৈ নিৰ্দেশ দিয়াৰ পাছতে ডিব্ৰুগড়ত সক্ৰিয় হৈ উঠিছে আৰক্ষী-প্ৰশাসন ৷
লগতে পঢ়কঃ কলিয়াবৰত 'জল-জীৱন মিছন' আঁচনিৰ নামত ব্যাপক দুৰ্নীতি