ETV Bharat / state

দুৰ্গতজনৰ কাষত লাহোৱাল প্ৰেছ ক্লাব

Relief material to the poor: ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতে লাহোৱাল প্ৰেছ ক্লাবৰ গুৰুত্বপূৰ্ণ পদক্ষেপ । সমাজসেৱক অজয় গগৈৰ সহযোগত সাংবাদিকসকলে দুৰ্গতজনৰ কাষত থিয় দি বিভিন্ন সাহায্য সামগ্ৰী বিতৰণ কৰে ।

Lahowal Press Club
দুৰ্গতজনৰ কাষত লাহোৱাল প্ৰেছ ক্লাব
author img

By ETV Bharat Assamese Team

Published : Jan 1, 2024, 4:57 PM IST

দুৰ্গতজনৰ কাষত লাহোৱাল প্ৰেছ ক্লাব

মৰাণ, ১ জানুৱাৰী : নতুন বছৰক আদৰাত ব্যস্ত ৰাজ্যবাসী । ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনত কোনোৱে যদি বনভোজলৈ গৈছে, কোনোৱে আকৌ উপাসনাস্থলীলৈ গৈ সকলোৰে সুখ-শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে । ইয়াৰ মাজতে নৱবৰ্ষৰ আৰম্ভণিতে ডিব্ৰুগড় জিলাৰ লাহোৱালৰ পৰা আহিছে এক ইতিবাচক খবৰ । নতুন বছৰক আদৰণি জনোৱাত সকলো ব্যস্ত হৈ থকাৰ মাজতে ডিব্ৰুগড়ৰ লাহোৱাল প্ৰেছ ক্লাবে লৈছে এক উল্লেখনীয় পদক্ষেপ ।

নিতৌ সমাজৰ বাবে কাম কৰি থকা সাংবাদিকসকলে নৱৰ্বষৰ প্ৰথম দিনটোত দুৰ্গতজনৰ কাষত থিয় দিছে । ডিব্ৰুগড়ৰ লাহোৱাল প্ৰেছ ক্লাবৰ উদ্যোগত আৰু সমাজসেৱক অজয় গগৈৰ আতিথ্যত ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনটোতে 'মানুহে মানুহৰ বাবে' একাঁজলি সহায়ৰ হাত শীৰ্ষক এক বিশেষ কাৰ্যসূচীৰ আয়োজন কৰিছে । এই কাৰ্যসূচীৰ অংশস্বৰূপে লাহোৱাল সমষ্টিৰ বিভিন্ন প্ৰান্তৰ শতাধিক দৰিদ্ৰ পৰিয়ালৰ ওচৰলৈ গৈ সাংবাদিক আৰু সমাজসেৱকগৰাকীয়ে সহায়ৰ হাত আগবঢ়াইছে । প্ৰতিটো আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক নূন্যতম ৫ হাজাৰ টকাৰ বিভিন্ন সামগ্ৰী বিতৰণ কৰিছে সাংবাদিকসকলে ।

দৰিদ্ৰ লোকসকলক দলটোৱে শীত নিবাৰণৰ বাবে গৰম বস্ত্ৰ, ক্ষুধা নিবাৰণৰ খাদ্য সামগ্ৰী, শাক-পাচলি আৰু বিভিন্ন প্ৰকাৰৰ প্ৰসাধন সামগ্ৰীও প্ৰদান কৰিছে । ইফালে সাংবাদিকসকলৰ পৰা এই ধৰণৰ সামগ্ৰী লাভ কৰি যথেষ্ট আনন্দিত সাহায্যপ্ৰাপ্তসকল । ইংৰাজী নৱবৰ্ষৰ প্ৰথমটো দিনতে সাংবাদিক তথা সমাজসেৱকগৰাকীৰ এনে প্ৰচেষ্টাক প্ৰশংসাও কৰে বিভিন্নজনে । ইফালে লাহোৱাল প্ৰেছ ক্লাবৰ সাংবাদিকসকলে আগন্তুক দিনবোৰতো এইধৰণৰ প্ৰচেষ্টা গ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিয়ে । লগতে লাহোৱাল প্ৰেছ ক্লাবে সমাজসেৱক অজয় গগৈকো তেওঁৰ এই প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে ।

লগতে পঢ়ক :ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত ভক্তৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.