ETV Bharat / state

BCPLৰ শোষণ-বঞ্চণাৰ বিৰুদ্ধে গৰজি উঠিল শ্ৰমিক - Labour union protest against BCPL

ডিব্ৰুগড়ত BCPLয়ে শ্ৰমিকৰ ওপৰত কৰা শোষণ-বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী । কাম-কাজ অচল কৰি প্ৰশাসনিক ভৱনৰ প্ৰৱেশদ্বাৰ উত্তাল কৰি তুলিলে ক্ষুব্ধ শ্ৰমিকে (Protest against BCPL) ।

labour protest against bcpl at dibrugarh
BCPLৰ শোষণ বঞ্চণাৰ বিৰুদ্ধে গৰজি উঠিল শ্ৰমিক
author img

By

Published : Mar 23, 2022, 9:58 PM IST

ডিব্ৰুগড়,২৩ মাৰ্চ: ডিব্ৰুগড়ৰ BCPLৰ প্ৰশাসনিক ভৱনৰ মূল প্ৰৱেশদ্বাৰত ঠিকাভিত্তিক শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ (Labour union protest against BCPL)। ৮ ঘন্টীয়া ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে শ্ৰমিকসকলে BCPL ৰ কাম-কাজ অচল কৰি তোলে ।

বিশেষকৈ দীৰ্ঘদিন ধৰি শ্ৰমিক সকলৰ মাহিলী পাৰিতোষিক বৃদ্ধি কৰা, খোৱাপানীৰ ব্যৱস্থাৰ লগতে বিনা কাৰণত শ্ৰমিক সকলক কৰ্মস্থলীৰ পৰা বহিস্কাৰ কৰা আদি মূল দাবীৰ প্ৰতি BCPL কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত ঠিকাভিত্তিক শ্ৰমিক সকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । ইফালে কাৰ্যসূচীৰ জৰিয়তে BCPLৰ উৰ্দ্ধতন কৰ্তৃপক্ষই BCPL ৰ ঠিকাভিত্তিক শ্ৰমিক ইউনিয়নৰ সাধাৰণ সম্পাদক ইন্দ্ৰকান্ত গগৈ আৰু সহকাৰী সম্পাদক সোনেশ্বৰ দুৱৰাক কৰ্মস্থলীৰ পৰা বিনা কাৰণত অব্যাহতি দিয়া কাৰ্য্যক ইউনিয়নে তীব্ৰ ভাষাৰে গৰিহনা দিয়ে ।

BCPLৰ শোষণ-বঞ্চণাৰ বিৰুদ্ধে গৰজি উঠিল শ্ৰমিক

লগতে শ্ৰমিকৰ ওপৰত কৰা শোষণ আৰু বঞ্চনাৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন অব্যাহত থাকিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা শ্ৰমিক সকলক নেতৃত্ব প্ৰদান কৰে BCPLৰ ঠিকাভিত্তিক শ্ৰমিক ইউনিয়নৰ সভাপতি সুদীপ্ত দেৱনাথ আৰু কাৰ্যকৰী সভাপতি পৰমানন্দ গগৈয়ে

লগতে পঢ়ক: বিধ্বংসী অগ্নিকাণ্ডত ভস্মীভূত ডিব্ৰুগড় নিউ মাৰ্কেটৰ প্ৰায় 30 খন দোকান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.