ডিব্ৰুগড়,3অক্টোবৰঃ "চৰকাৰে মোক শুবলৈহে নামৰূপলৈ পঠাইছে ৷ মই কুম্ভকৰ্ণ । মোৰ কাম নাই ৷ নামৰূপৰ পৰিৱেশটো ভাল! সেইবাবে মই ইয়াত শুবলৈ আহিছোঁ ! মই প্ৰকাণ্ড জিৰ'!"- অন কেমেৰাত এই অকপট স্বীকাৰোক্তি নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ মহা প্ৰৱন্ধক শোণিত কুমাৰ নেওগৰ । এই মন্তব্যৰ পিছতেই নামৰূপ আছুৱে ঘেৰাও কৰিলে মহা প্ৰৱন্ধক গৰাকীক৷
উল্লেখ্য যে ২০০৯ চনতে ১০০ মেগাৱাটৰ নামৰূপ ৰিপ্লেচমেন্ট পাৱাৰ প্ৰজেক্টৰ বাবে প্ৰায় ৪০০ কোটি টকাৰ ব্যয় সাপেক্ষে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে আধাৰশিলা স্থাপন কৰিছিল । লগতে এই প্ৰকল্পৰ কাম শেষ কৰাৰ সময়সীমা আছিল ২০১২ চনতেই । কিন্তু ঠিকা লাভ কৰা "ভাৰত হেভি ইলেক্ট্ৰনিক্স লিমিটেড" চমুকৈ "ভেল" নামৰ কোম্পানীটোৰ লগতে চৰকাৰৰ অমনোযোগিতাৰ বাবে বিগত ১০ টা বছৰেও সম্পূৰ্ণ হৈ নুঠিল ৰিপ্লেচমেন্ট পাৱাৰ প্ৰজেক্টৰ কাম । আনহাতে যোৱা ২ অক্টোবৰ তাৰিখে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰকল্পটোৰ উদ্বোধনৰ দিন ধাৰ্য কৰিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই সময়মতে প্ৰজেক্টৰ কাম সম্পূৰ্ণ কৰিব নোৱাৰাৰ বাবেই সম্ভৱ হৈ নুঠিল এই কাম ।
ইফালে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰ এটা দলে নামৰূপ তাপ বিদ্যুৎ কেন্দ্ৰৰ মহা প্ৰৱন্ধক গৰাকীক সাক্ষাৎ কৰিবলৈ যাওঁতে মুখ্যমন্ত্ৰী গৰাকীয়ে উদ্বোধনৰ সময় দিবৰ নোৱাৰাৰ কথা কোৱাৰ লগতে মুখ্যমন্ত্ৰী গৰাকীকে সমস্ত দোষ জাপি দি বিভিন্ন উপলুঙা সূচক মন্তব্যহে আগবঢ়াই মহাপ্ৰৱন্ধক গৰাকীয়ে । যাৰ বাবে মহা প্ৰৱন্ধক গৰাকীৰ মন্তব্যক লৈ ক্ষুন্ন হৈ আছুৰ দলটোৱে মহা প্ৰৱন্ধক গৰাকীক ঘেৰাও কৰাৰ লগতে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে বিভাগীয় কৰ্তৃপক্ষই অতিশীঘ্ৰে প্ৰজেক্টটো উদ্বোধন নকৰিলে অনাগত দিনত ১০০ ঘণ্টীয়া অনশনৰ লগতে বিদ্যুৎ অৱৰোধৰ দৰে কায্যসূচী ৰূপায়ন কৰিব মন্তব্য কৰে ৷