ETV Bharat / state

কেব বিৰোধী প্ৰতিবাদত কপিল মুখ্যমন্ত্ৰীৰ গৃহচহৰ

author img

By

Published : Oct 14, 2019, 4:26 PM IST

Updated : Oct 14, 2019, 5:08 PM IST

মুখ্যমন্ত্ৰীৰ গৃহচহৰতে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৷ 50 হাজাৰৰো অধিক গোহাৰি বিতৰণ কৰে সংগঠনটোৱে ৷

কৃষক মুক্তিৰ সম্পাদক ধৈৰ্য কোঁৱৰ

ডিব্ৰুগড়, 14 অক্টোবৰঃ অসমীয়া জাতিৰ বাবে হিমন্ত সৰ্বানন্দ আৰু ৰঞ্জিত হৈছে বদন বৰফুকন ৷ কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব লোৱাত প্ৰতিবাদস্থলীৰ পৰাই এনেদৰে কয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক ধৈৰ্য কোঁৱৰে ৷

লগতে পঢ়কঃ CAB বাতিলৰ দাবীত কৃষক মুক্তিয়ে কঁপালে বটদ্ৰৱা

উল্লেখ্য যে, বিজেপি চৰকাৰে সংসদৰ অনাগত শীতকালীন অধিবেশনত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি মুকলিকৈ ঘোষণা কৰিছে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বহুকেইগৰাকী বিজেপি নেতাই নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে মতামত প্ৰদান কৰিছে ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ'লে নিজৰ দেশতেই ভগনীয়া হৈ পৰিব অসমীয়াসকল ৷ সেয়েহে পুনৰ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তাল হৈ পৰিছে ৰাজ্যৰ চৌদিশ ৷

কৃষক মুক্তিৰ সম্পাদক ধৈৰ্য কোঁৱৰ

লগতে পঢ়কঃ গোলাঘাটত অসম গণ পৰিষদ দলৰ প্ৰতিষ্ঠা দিৱস পালন

শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৷ বৃহত্তৰ অসমীয়া জাতিৰ স্বাৰ্থত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে অসমৰ সকলো ৰাইজকে প্ৰতিবাদ কৰিবলৈ আহ্বান জনায় সংগঠনটোৰ সাধাৰণ সম্পাদক ধৈৰ্য কোঁৱৰে ৷

সোমবাৰে মুখ্যমন্ত্ৰীৰ গৃহ জিলাত প্ৰায় 50 হাজাৰৰো অধিক গোহাৰি বিতৰণ কৰে কৃষক মুক্তিয়ে ৷ যিটো সময়ত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ দৰে এটা বিষয় মূল্যহীন হৈ পৰিছে তেনেস্থলত নাগৰিকত্ব সংশোধনী বিধেয়কে অসমীয়া জাতিৰ বাবে অধিক বিপদৰ আশংকা কঢ়িয়াই আনিছে ৷ ৰাজনৈতিক ভাৱে, অৰ্থনৈতিক ভাৱে, সাংস্কৃতিক ভাৱে অসমীয়াৰ অধিকাৰ বিপন্ন কৰিব নাগৰিকত্ব সংশোধনী বিধেয়কে ৷ এনেকুৱা এটা সময়ত যদি অসমীয়াই ওলাই আহিব নোৱাৰে তেন্তে জাতিৰ লগতে চাকৰি, মাটি, ভেটি একোৱেই নাথাকিব বুলি কয় ধৈৰ্য কোঁৱৰে ৷

Intro::হিমন্ত বিশ্ব শৰ্মাৰ,সৰ্বানন্দ সোণোৱাল,ৰঞ্জিত দাস অসমীয়া জাতিৰ বাবে এতিয়া বদন।কেবৰ বিৰুদ্ধে পুনৰ প্ৰতিবাদত নামি কৃষক মুক্তিৰ সম্পাদক ধৈৰ্য্য কোঁৱৰৰ এই আক্ৰমণ।জাতিটোক উদ্ধাৰৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুধীতা কৰিবলৈ আহ্বান জনাই পুনৰ ৰাজপথত কৃষক মুক্তি।মুখ্যমন্ত্ৰীৰ গৃহ চহৰ ডিব্ৰুগড়ৰ পৰা সৰ্বানন্দ সোণোৱালক প্ৰত্যাহ্বান, জাতিটোৰ বিপদৰ সময়ত দিল্লীৰ বিৰুদ্ধে গৰজি উঠক।

Byte: ধৈৰ্য্য কোঁৱৰ (part)

ইফালে
ডিব্ৰুগড়ৰ চহৰত 50 হাজাৰতকৈ অধিক কেবৰ বিৰুদ্ধে গোহাৰি(লিফলেট) বিলাই,সমাজৰ সকলো স্তৰৰ ৰাইজক কৃষক মুক্তিৰ আহ্বান ৰাজপথলৈ ওলাই আহি এই বিধেয়কৰ বিৰুদ্ধে প্ৰতিৰোধ আন্দোলন গঢ়ি তোলক।

Byte: ধৈৰ্য্য কোঁৱৰ (part)

এই বিধেয়কৰ সহায়ত
অসমলৈ প্ৰায় দুই কোটি বাংলাদেশী আহিলে অসমীয়া জাতিটো মৰি যাব বুলি উল্লেখ কৰি কৃষক নেতা ধৈৰ্য্য কোঁৱৰৰ প্ৰতিক্ৰিয়া ৰাজনৈতিক ভাৱে, অৰ্থনৈতিক ভাৱে, সাংস্কৃতিক ভাৱে আমাৰ অধিকাৰ বিপন্ন হৈ যাব।এনেকুৱা এটা সময়ত আমি যদি ওলাই আহিব নোৱৰো তেন্তে জাতি আৰু নাবাচিব।আমাৰ চাকৰি, মাটি জাতি একোৱেই নাথাকে।

Byte:ধৈৰ্য্য কোঁৱাৰ(part)

ডিব্ৰুগড়ৰ পৰা জেচিম আহমেদBody:DoConclusion:Do
Last Updated : Oct 14, 2019, 5:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.