টিংখাং, 20 আগষ্ট: ডিব্ৰুগড়ৰ টিংখাঙত বৃহস্পতিবাৰৰ দিনটোত প্ৰতিবাদ সাব্যস্ত কৰে কৃষক মুক্তিৰ সংগ্ৰাম সমিতিৰ সদস্যসকলে । সংগঠনটোৱে মূলতঃ নাগৰিকত্ব সংশোধনী আইন আৰু EIA 2020 বাতিলৰ লগতে কাৰাবন্দী কৃষক নেতা অখিল গগৈ, শশী শেনচোৱা আৰু হেমন্ত কোঁৱৰৰ মুক্তিৰ দাবীত টিংখাঙৰ ৰাজগড়ত সাব্যস্ত কৰে এই উত্তাল প্ৰতিবাদ ৷
উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপৰিও ছাত্র মুক্তি সংগ্ৰাম সমিতি, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক প্ৰতিবাদকাৰীয়ে ৷ প্ৰতিবাদকাৰীসকলে মানৱ শৃংখল গঢ়ি তুলি চৰকাৰ বিৰোধী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদকাৰীসকলৰ উত্থাপিত দাবী মানি নল’লে পৰৱৰ্তী সময়ত অধিক ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰো প্ৰদান কৰে চৰকাৰক ৷
লগতে চাওকঃ কৰ’ণাৰ বাবে বাতিল জামুগুৰিহাটৰ ২২৫ বছৰীয়া কালীয় দমন ভাওনা