ডিব্ৰুগড়, 20 জানুৱাৰীঃ দেওবাৰে নিশা ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক শশী শেনছোৱাক ৷ মাজনিশা টিংখাং নাচনীৰ নিজা বাসগৃহৰ পৰা ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীক ৷

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে আন্দোলনমুখী পন্থা লোৱা বাবেই নেতাগৰাকীক এনেদৰে গ্ৰেপ্তাৰ কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ৷

উল্লেখ্য যে,গ্ৰেপ্তাৰৰ পূৰ্বে সংগ্ৰামী নেতাগৰাকীয়ে নিজৰ ফেচবুক একাউন্ট যোগে এটা প'ষ্ট প্ৰকাশ কৰে ৷ য'ত তেওঁ লিখিছিল যে, পুৱতি নিশা 4.30 বজাৰ পৰা তেওঁৰ ঘৰত পুলিচে ঘেৰাও কৰিছে লগতে খন্তেক পিছতে তেওঁক পুলিচে গ্ৰেপ্তাৰ কৰিব বুলিও প্ৰকাশ কৰে চ'ছিয়েল মিডিয়া যোগে ৷

লগতে পঢ়কঃহোজাই শংকৰদেৱ নগৰত CAA বিৰোধী সমাবেশ