ETV Bharat / state

শিৱসাগৰৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব অখিল গগৈয়ে - নাগৰিকত্ব সংশোধনী আইন

2021 চনৰ বিধানসভা নিৰ্বাচন কৃষক নেতা অখিল গগৈ শিৱসাগৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰিলে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক লোহিত গগৈয়ে ৷

kmss-leader-akhil-gogoi-contest-assembly-polls-from-sivsagar
আগন্তক বিধানসভা নিৰ্বাচনত অখিল গগৈ শিৱসাগৰৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব
author img

By

Published : Dec 29, 2020, 4:17 PM IST

ডিব্ৰুগড়, 29 ডিচেম্বৰ : কৃষক নেতা অখিল গগৈ ঐতিহাসিক শিৱসাগৰৰ পৰাই 2021 চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব ৷ এই কথা ৰাজহুৱাকৈ ঘোষণা কৰিলে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক লোহিত গগৈয়ে ৷

ৰাইজৰ দলৰ মুখ্য আহ্বায়ক লোহিত গগৈৰ মন্তব্য

উল্লেখ্য যে, 'নাগৰিকত্ব সংশোধনী আইন' বাতিলৰ দাবীত আন্দোলন কৰাৰ সময়তে কাৰাৰুদ্ধ হোৱা অখিল গগৈ প্ৰায় এটা বছৰে কাৰাগাৰতে আছে । ইতিমধ্যে, কৃষক নেতাজনে জন্ম দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজনৈতিকভাৱে সংগ্ৰাম কৰিবলৈ জন্ম দিছে নতুন আঞ্চলিক ৰাজনৈতিক দল 'ৰাইজৰ দল' ।

লগতে পঢ়ক : ইণ্ডিয়ান বুক অফ ৰেকৰ্ডত নাম লিখিলে টীয়কৰ পদ্মনাভ বনিয়াই

ইতিমধ্যে, ৰাইজৰ দলে 2021 চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব বুলিও ঘোষণা কৰিছে । ৰাইজৰ দলক লৈ ৰাজ্যৰ সকলো প্ৰান্তত বিশেষ উৎসাহ পৰিলক্ষিত হোৱাৰ সমান্তৰালভাৱে কৃষক নেতা অখিল গগৈক লৈ ৰাইজৰ মাজত বিশেষ চৰ্চা অব্যাহত আছে ।

মঙলবাৰে ৰাইজৰ দলৰ মুখ্য আহ্বায়ক লোহিত গগৈয়ে ঐতিহাসিক শিৱসাগৰৰ পৰাই কৃষক নেতা অখিল গগৈয়ে প্ৰতিদ্বন্দিতা কৰাটো চূড়ান্ত বুলি ঘোষণা কৰিছে । লগতে তেওঁ কয় যে, অখিল গগৈ অতি সোণকালে কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহিব ৷ কিবা কাৰণত তেওঁ যদি কাৰাগাৰৰ পৰা ওলাই আহিব নোৱাৰে, তেতিয়া হ'লে কাৰাগাৰৰ পৰা হ'লেও শিৱসাগৰ সমষ্টিত প্ৰতিদ্বন্দিতা কৰি বিপুল ভোটত জয়ী হ'ব বুলি মন্তব্য প্ৰদান কৰে মুখ্য আহ্বায়ক গৰাকীয়ে ।

লগতে পঢ়ক : তেলেংগানাত চিনাক্ত নতুন লক্ষণৰ COVID-19ৰ প্ৰথম জন ৰোগী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.