ETV Bharat / state

ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা উগ্ৰপন্থীয়ে মুকলি কৰি দিলে টিংখাঙৰ হীৰেন কোঁচক

author img

By

Published : Feb 13, 2022, 9:45 PM IST

পাঁচজনীয়া উগ্ৰপন্থীৰ দলে অপহৰণ কৰি ভাৰত-ম্যানমাৰ সীমান্তৰ এটা বস্তি অঞ্চলত আৱদ্ধ কৰি ৰাখিছিল টিংখাঙৰ হীৰেন কোঁচক (Kidnapped Assam man Hiren Koch) ৷ অৱশেষত আৰক্ষীয়ে পৰিয়ালৰ হাতত চমজাই দিলে হীৰেন কোঁচক ৷

kidnapped-assam-man-hiren-koch-released-by-nscn-k-extremist
ভাৰত-ম্যানমাৰ সীমান্তৰ পৰা উগ্ৰপন্থীয়ে মুকলি কৰি দিলে টিংখাঙৰ হীৰেন কোঁচক

মৰাণ, 13 ফেব্ৰুৱাৰী : ১৩ দিনীয়া এক গভীৰ উৎকন্ঠা আৰু আতংকৰ অন্তত দেওবাৰে সন্ধিয়া নিজ গৃহভূমি টিংখাঙত উপস্থিত হয় অপহৃত হীৰেণ কোঁচ । উল্লেখযোগ্য যে, যোৱা ৩১ জানুৱাৰীত অৰুণাচলৰ লংডিঙৰ পৰা NSCN (K) উগ্ৰপন্থীয়ে এটা পথ নিৰ্মাণৰত কোম্পানীৰ JCB ড্ৰাইভাৰ হিচাপে কৰ্মৰত টিংখাঙৰ কেচেৰুগুৰীৰ হীৰেণ কোঁচক অপহৰণ কৰিছিল (NSCN K kidnapped Hiren Koch of Tingkhang)।

তাৰ পাছৰে পৰা হীৰেণ কোঁচৰ পৰিয়ালৰ মাজত এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল । অৱশেষত শনিবাৰে নিশা ভাৰত-ম্যানমাৰ সীমান্তৰ বৰ্মা অঞ্চলত NSCN য়ে হীৰেণ কোঁচৰ লগতে আন এজন অপহৃত বিহাৰৰ ৰামাছিচ মাহাতোক মুকলি কৰি দিয়ে (Hiren Koch released by NSCN) । নামৰূপৰ উপ আৰক্ষী অধীক্ষক নৱ কুমাৰ বড়াৰ নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে অসম-অৰুণাচল সীমান্তৰ পৰা হীৰেণ কোঁচ আৰু ৰামাছিচ মাহাতোক লৈ টিংখাং আৰক্ষী থানাত উপস্থিত হয় ।

থানাত আৰক্ষীৰ নিয়মমাফিক সোধপোচৰ পাছত হীৰেণ কোঁচক পৰিয়ালৰ হাতত চমজাই দিয়ে । আনহাতে আনজন অপহৃত ৰামাছিচ মাহাতোক কাইলৈ পৰিয়ালৰ লোকক গতাই দিয়া হ'ব ।

ইতিমধ্যে আৰক্ষীৰ তৰফৰ পৰা দুয়োৰে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে আৰু দুয়োৰে শাৰিৰীক অৱস্থা সুস্থিৰ বুলি উল্লেখ কৰে উপ আৰক্ষী অধীক্ষক গৰাকীয়ে ৷ ইফালে, অৰুণাচলৰ কৰ্মস্থলীৰ পৰা এটা পাঁচজনীয়া উগ্ৰপন্থীৰ দলে অপহৰণ কৰি ভাৰত- ম্যানমাৰ সীমান্তৰ এটা বস্তি অঞ্চলত আৱদ্ধ কৰি ৰাখিছিল বুলি জনায় অপহৃত হীৰেণ কোঁচে। উগ্ৰপন্থীৰ দলটোৱে তেওঁলোকক কোনোধৰণৰ শাৰীৰিক অত্যাচাৰ কৰা নাছিল বুলি উল্লেখ কৰে অপহৃত হীৰেণ কোঁচে ।

লগতে পঢ়ক : গুৱাহাটীৰ কালাপাহাৰত সংঘটিত হত্যাকাণ্ডৰ মূল অভিযুক্ত গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.