ETV Bharat / state

এজন চিকিৎসকেৰে চলিছে খোৱাং ৰাজ্যিক পশু চিকিৎসালয়

এজন চিকিৎসকেৰে চলিছে খোৱাং ৰাজ্যিক পশু চিকিৎসালয় । এজন পশু স্বাস্থ্য বিষয়া আৰু এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে চলাই থকা চিকিৎসালয়খনত নাহৰণি উপ-পশু স্বাস্থ্য কেন্দ্ৰৰ পৰা এজন ক্ষেত্ৰ সহায়কক আনি কোনো মতে চলাই আছে এই পশু চিকিৎসালয়খন ।

author img

By

Published : May 19, 2020, 4:38 PM IST

khowang-vatenary-hospital-run-by-a-single-doctor
এজন চিকিৎসকেৰে চলিছে খোৱাং ৰাজ্যিক পশু চিকিৎসালয়

মৰাণ, 19 মে‘ : কৃষিমন্ত্ৰী অতুল বৰাই কৃষি বিভাগৰ লগতে পশু পালন বিভাগত কিছু উন্নয়ন আনিবৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও গ্ৰাম্যাঞ্চলৰ বহু কৃষক আৰু পশু পালকে সমস্যাৰ মাজতে দিন পাৰ কৰিব লগীয়া হৈছে । বিশেষকৈ পশু পালনৰ ক্ষেত্ৰত চৰম হতাশাত ভুগিব লগা হয় দৰিদ্ৰ কৃষক সকল । ডিব্ৰুগড় জিলাৰ খোৱাঙৰ ৰাজ্যিক পশু চিকিৎসালয় খনৰ অধীনত ১০৪ খন গাওঁ আছে । ইয়াৰ অধিক সংখ্যক গাঁ‌ৱৰ কৃষকে পশু পালন কৰিয়ে তেওঁলোকে জীৱন জীৱিকাৰ পথ মুকলি কৰিছে ।

বহু নিৱনুৱা যুৱক-যুৱতীয়ে হাঁ‌হ-কুকুৰা, গাহৰি, ছাগলী আদি পালন কৰি আত্ম সংস্থাপনৰ পথ মুকলি কৰি লৈছে । কিন্তু তেনে ক্ষেত্ৰত খোৱাং ৰাজ্যিক পশু চিকিৎসালয় খনত চিকিৎসা কৰ্মীৰ অভাৱ আৰু কৰ্মৰত পশু-চিকিৎসকৰ অদূৰদৰ্শীতাত নিৱনুৱা যুৱক-যুৱতী সকলৰ লগতে গ্ৰাম্যাঞ্চলৰ লোক সকল সমস্যাতো পৰিব লগা হৈছে । এজন চিকিৎসকেৰে চলিছে খোৱাং ৰাজ্যিক পশু চিকিৎসালয় । এজন পশু স্বাস্থ্য বিষয়া আৰু এজন চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে চলাই থকা চিকিৎসালয়খনত নাহৰণি উপ-পশু স্বাস্থ্য কেন্দ্ৰৰ পৰা এজন ক্ষেত্ৰ সহায়কক আনি কোনো মতে চলাই আছে এই পশু চিকিৎসালয়খন । চিকিৎসালয়খনৰ অধীনত হালধীবাৰী আৰু নাহৰণিত দুখনকৈ উপ-পশু স্বাস্থ্য কেন্দ্ৰ আছে যদিও পশু চিকিৎসকৰ অভাৱত সেই কেন্দ্ৰ দুটাও বন্ধ হৈ আছে । ইফালে খোৱাঙৰ এই বৃহৎ অঞ্চলটোত আফ্ৰিকান চোৱাইন ফিভাৰে এক আতংকৰ সৃষ্টি কৰিছে । পশু চিকিৎসকৰ তথ্য অনুসৰি কেইখনমান গাঁ‌ৱতেই মুঠ ২৩৫ টা গাহৰি মৃত্যু হৈছে । বহু গাঁ‌ৱৰ সম্পূৰ্ণ তথ্য এতিয়াও আহি পোৱা নাই । এই ক্ষেত্ৰত পশু- চিকিৎসা বিভাগেও বিশেষ তৎপৰতা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই । এজন চিকিৎসকে ১০৪ খন গাঁও দায়িত্ব ল'ব লগা হোৱা বাবে প্ৰয়োজনীয় সময়ত ৰাইজে চিকিৎসক নোপোৱাৰ অভিযোগো বহু পুৰণি ।

ইয়াৰ উপৰিও পশু-চিকিৎসালয়খনলৈ বিনামূলীয়া ঔষধ আৰু দুই এটা ৰোগৰ ভেকচিন আহে যদিও পশু পালক সকলে আজিলৈকে এটাও বিনামূলীয়া ভেকচিন আৰু ঔষধ লাভ কৰা নাই বুলি অভিযোগ তুলিছে ৰাইজে । মুঠৰ ওপৰত খোৱাঙত পশু চিকিৎসকৰ নামত ৰাইজে চিকিৎসক বিচাৰি হাহাকাৰ কৰিব লগা হৈছে । পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনতো কৃষক ৰাইজে সমস্যাৰ মাজতে জীয়াই থাকিব লগা বিষয়টোৱে চৰকাৰৰ ব্যৰ্থতা বুলি আখ্যা দিছে অঞ্চলটোৰ পশুপালক সকলে । বৃহত্তৰ খোৱাং অঞ্চলটোৰ পশু পালক সকলক কিছু সকাহ দিবৰ নিমিত্তে খোৱাং ৰাজ্যিক পশু-চিকিৎসালয়খন কিছু উন্নত কৰিবলৈ পশু-পালন বিভাগ বা চৰকাৰে কিবা পদক্ষেপ ল'বনে, সেয়াও এক ডাঙৰ প্ৰশ্ন হিচাপে বিবেচিত হৈছে ।

লগতে পঢ়ক : কিমান গ্ৰহণযোগ্য সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.