ETV Bharat / state

ভালুকৰ সাঙীত পৰিণত হৈছে খোৱাং ৰাঙচালিৰ ৰেচম ফাৰ্ম

author img

By

Published : Oct 7, 2020, 6:48 PM IST

কাৰ্যালয়ৰ কৰ্মচাৰী আৰু বিভাগীয় কৰ্তৃপক্ষৰ গুৰুত্বৰ বাবে উদং গৰুৰ চৰনীয়া পথাৰ হৈছে মৰাণৰ খোৱাং ৰেচম ফাৰ্মখন ৷ লগতে,ফাৰ্মখনলৈ আছে বিভিন্ন ধৰণৰ গুৰুতৰ অভিযোগ ৷

Khowang Rangchali's Silk Farm News: poor Construction of Khowang Silk Farm
ভালুকৰ সাঙীত পৰিণত হৈছে খোৱাং ৰাঙচালিৰ ৰেচম ফাৰ্ম

মৰাণ, 7 অক্টোবৰ : নিৰ্বাচনৰ আগত চৰকাৰে দিয়া পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি সমূহ যেন কেৱল নিৰ্বাচনী শ্ল'গান হৈ ৰৈছে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰৰ 4 টা বছৰ পাৰ হোৱাৰ পিচত উজনি অসমৰ এখন অতি পুৰণি গুৰুত্বপূৰ্ণ খোৱাং ৰেচম ফাৰ্ম এতিয়া জহি খহি যোৱাৰ উপক্ৰম হৈছে ।

স্থানীয় গাঁওবুঢ়াৰ মন্তব্য

ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত খোৱাং ৰাঙচালিত অৱস্থিত প্ৰায় 200 বিঘাৰ ৰেচম ফাৰ্মখন বৰ্তমান নিঃশেষ হোৱাৰ দিশে আগবাঢ়িছে ৷ ৰেচম বিভাগৰ ডিব্ৰুগড় জিলা সংমণ্ডলৰ অধীনৰ ফাৰ্মখন 1969 চনতেই আৰম্ভ হৈছিল যদিও সম্প্ৰতি ফাৰ্মখন উদং চৰণীয়া পথাৰলৈ পৰ্যবসিত হৈছে ৷ ইয়াৰ ফলত এক বৃহৎ ৰাজহুৱা সম্পত্তি নাইকিয়া হোৱাৰ উপক্ৰম হৈছে ৷

আছু নেতাৰ মন্তব্য

লগতে পঢ়ক : প্ৰসংগ ৰাজীৱ নেওগ হত্যাকাণ্ডঃ মৰিগাঁও আৰক্ষী অধীক্ষকৰ সংবাদমেল

মন কৰিবলগীয়া যে, ইয়াত বৰমুগাৰ বাবে 70 বিঘা, পাট পলুৰ বাবে 50 বিঘা, নাৰ্চাৰীৰ বাবে 50 বিঘা আৰু এৰী মুগাৰ বাব 30 বিঘা সহ মুঠ 200 বিঘাৰে আগুৰা ফাৰ্মখনত মুগা পালনৰ বাবে এৰাগছ, কেচেৰু গছ, নুনি গছ আৰু চোম গছ থাকিব লাগিছিল ৷ কিন্তু বিষয়া-কৰ্মচাৰীৰ অৱজ্ঞা-অৱহেলাৰ বাবে ইয়াত বৰ্তমান কিছু চোমগছহে দেখিবলৈ পোৱা যায় ৷ ফাৰ্মখনৰ পৰিৱেশ দেখিলে অনুমান হয় বহু বছৰ ধৰি নতুনকৈ কোনো ধৰণৰ গছ ৰোৱা নাই । ফাৰ্মখনৰ চৌহদত পূৰ্বতে লোৰ ফেঞ্চিং আছিল যদিও বৰ্তমান ফেঞ্চিং দেখিবলৈ পোৱা নাযায় ৷

ফাৰ্মৰ কৰ্মচাৰীৰ মন্তব্য

তদুপৰি, ফাৰ্মখনত এৰী মুগা, পাটপলু পোহা সূতা কটা (যন্ত্রপাতিৰে সৈতে সুকীয়া সুকীয়াকৈ থকা গৃহবোৰৰ লগতে কাৰ্যালয়,কোৱাৰ্টাৰ,জিৰণি গৃহ আদিকে ধৰি প্ৰায় 15 টা সৰু-ডাঙৰ গৃহ আছিল ৷ কিন্তু গৃহবোৰ সম্প্ৰতি ভাগি ছিগি উৱলি গৈছে ৷ ঘৰবোৰত এতিয়া বিষয়া কৰ্মচাৰী নাথাকে ৷ বিভাগটোত মেনেজাৰ,ডেম'ষ্টেটৰ পিয়ন,কেৰাণী,চকীদাৰ আদি সকলো কৰ্মচাৰী আছে কিন্তু তেওঁলোক কাৰ্যালয়লৈ নহাৰ অভিযাগ ৷

লগতে পঢ়ক : একবিংশ শতিকাতো কন্যা সন্তানক অৱহেলা পিতৃৰ

ইফালে,ৰাজহুৱা বৃহৎ সম্পত্তি ফাৰ্মখনৰ ৰক্ষণাবেক্ষণত বিভাগটোৰ বিষয়া-কৰ্মচাৰী, জনপ্ৰতিনিধি, বিভাগীয় মন্ত্রী কোনেও গুৰুত্ব দিয়া নাই ৷ আনকি খোৱা পানীৰ বাবেও নাই এটা টিউবেল । বিষয়া-কৰ্মচাৰী মাহৰ মূৰত কেতিয়াবা আহে আৰু যায় । কিন্তু যি সকলে নিজৰ প্ৰচেষ্টাত ফাৰ্মত মুগা পুহি আহিছে তেওঁলোকৰ পৰা বিষয়া সকলে বিনা ৰছিদৰ বিনিময়ত ধন সংগ্ৰহ কৰি অহাৰ অভিযাগ ।

মুগা পালন এটা লাভজনক বৃত্তি হ'লেও চৰকাৰ তথা সংশ্লিষ্ট বিভাগে এই ক্ষেত্ৰত বিশেষ গুৰুত্ব নিদিয়াত এই বৃত্তিত আগবাঢ়ি অহা নিবনুৱা লোক সাধাৰণতে দেখা পোৱা নাযায় ৷ চৰকাৰ তথা ৰেচম বিভাগে লাভজনক বিভাগটোক মৃত্যুৰ মুখলৈ ঠেলি দিয়াৰ পৰিৱৰ্তে পুনৰুজ্জীৱিত কৰাৰ প্ৰয়োজন আহিল বুলি সচেতন মহলে প্ৰশ্নৰ উত্থাপন কৰিছে ‌। উজনি অসমৰ এই গুৰুত্বপূৰ্ণ ফাৰ্মখনক লৈ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ৰাহুল কোঁৱৰ আৰু স্থানীয় গাঁওবুঢ়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । ফাৰ্ম বিষয়া মেৰি বেগমে জানিবলৈ দিয়ে চৰকাৰৰ পৰা কোনো ধৰণৰ আৰ্থিক অনুদান আজিকোপতি নহাৰ বাবে ফাৰ্মখন ক্ৰমান্বয়ে জৰাজীৰ্ণ হৈ পৰিছে ।

লগতে পঢ়ক : আইপিএল2020: কেএল ৰাহুলৰ শিৰত ‘Orange Cap’,ৰাবাডাৰ শিৰত ‘Purple

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.