ETV Bharat / state

বিধায়ক চক্ৰধৰ গগৈৰ অকৰ্মণ্যতাৰ বাবে দুৰ্ভোগ ভুগিছে খোৱাঙবাসীয়ে - বুঢ়ীদিহিং নদী

দুবছৰ আগতে খোৱাঙৰ মইনা গাওঁ আৰু দলনীকুৰ সংযোগী ৰিংবান্ধটো বুঢ়ীদিহিং নদীৰ প্ৰবল সোঁতে ভাঙি পেলাইছিল । ইয়াৰ পিছৰ পৰ্যায়ত উক্ত ভগ্ন ৰিং বান্ধটো মেৰামতিৰ বাবে জিলা পৰিষদৰ তৰফৰ পৰা এক বুজন পৰিমাণৰ পুঁজিও আৱণ্টন কৰা হৈছিল । কিন্তু উক্ত ধনৰাশি সঠিক ভাৱে ব্যৱহাৰ নোহোৱাত ৰিংবান্ধটো পুনৰ বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে বিগত বছৰত ভাঙি পেলায় । যাৰ ফলত বুঢ়ীদিহিঙৰ পানী ওফন্দি উঠাৰ লগে লগে ৰিং বান্ধৰ ভগ্ন অংশয়েদি পানী সোমাই গাওঁকেইখন প্লাৱিত কৰি তোলে ।

Khowang people facing problem due to MLA Chakradhar Gogoi's inefficiency
বিধায়ক চক্ৰধৰ গগৈ অকৰ্মণ্যতাৰ বাবে দুৰ্ভোগ ভুগিছে খোৱাঙবাসীয়ে
author img

By

Published : Jul 16, 2020, 9:19 PM IST

মৰাণ,16 জুলাইঃ ৰাজ্যৰ ভিন্ন ঠাইত এতিয়া প্ৰলয়ংকাৰী বানৰ ত্ৰাস ৷ বিগত কেইবাদিনো হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ ৷ যাৰ ফলত ওফন্দি উঠিছে নৈ-উপনৈৰ বাঢ়নী পানী ৷ বুঢ়ীদিহিং নৈৰ বানৰ কবলত এতিয়া ডিব্ৰুগড় জিলাৰ খোৱাঙৰ কেইবাখনো গাঁও। বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে প্লাৱিত কৰি পেলাইছে জিলাখনৰ মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ খোৱাং অঞ্চলৰ মইনা গাঁও,দলনীকুৰ,গেৰগেৰি,জোনগাঁও‌,কোটোহা ভঙামুৰ আদি বিভিন্ন ঠাই ৷

বিধায়ক চক্ৰধৰ গগৈ অকৰ্মণ্যতাৰ বাবে দুৰ্ভোগ ভুগিছে খোৱাঙবাসীয়ে

ৰাইজৰ অভিযোগ,দুবছৰ আগতে খোৱাঙৰ মইনা গাঁও আৰু দলনীকুৰ সংযোগী ৰিংবান্ধটো বুঢ়ীদিহিং নদীৰ প্ৰবল সোঁতে ভাঙি পেলাইছিল । ইয়াৰ পিছৰ পৰ্যায়ত উক্ত ভগ্ন ৰিং বান্ধটো মেৰামতিৰ বাবে জিলা পৰিষদৰ তৰফৰ পৰা এক বুজন পৰিমাণৰ পুঁজিও আৱণ্টন কৰা হৈছিল । কিন্তু উক্ত ধনৰাশি সঠিক ভাৱে ব্যৱহাৰ নোহোৱাত ৰিং বান্ধটো পুনৰ বুঢ়ীদিহিঙৰ বাঢ়নী পানীয়ে বিগত বছৰত ভাঙি পেলায় । যাৰ ফলত বুঢ়ীদিহিঙৰ পানী ওফন্দি উঠাৰ লগে লগে ৰিং বান্ধৰ ভগ্ন অংশয়েদি পানী সোমাই গাঁও কেইখন প্লাৱিত কৰি তোলে । ভগ্ন ৰিং বান্ধটো মেৰামতি নকৰাৰ ফলত হালধিবাৰী আৰু নিতাইপুখুৰী সংযোগী মথাউৰিৰ প্ৰতিও এক প্ৰকাৰৰ ভাবুকি আহিছে ।

Khowang people facing problem due to MLA Chakradhar Gogoi's inefficiency
বিধায়ক চক্ৰধৰ গগৈ অকৰ্মণ্যতাৰ বাবে দুৰ্ভোগ ভুগিছে খোৱাঙবাসীয়ে

উল্লেখযোগ্য যে,বিগত বছৰত গৰাখহনীয়া আৰু ৰিং বান্ধটো পৰিদৰ্শন কৰি গৰাখহনীয়া ৰোধৰ ব্যৱস্থা কৰাৰ লগতে ৰিং বান্ধটো পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু বিধায়কগৰাকীৰ প্ৰতিশ্ৰুতি অসাৰ হৈ ৰ'ল ৷ যাৰ বাবে সমষ্টিৰ উন্নয়নৰ ফুলজাৰি মাৰি ফুৰা বিধায়ক চক্ৰধৰ গগৈক লৈও একপ্ৰকাৰ ক্ষোভ প্ৰকাশ কৰে বানাক্ৰান্ত ৰাইজে ৷ ৰাইজৰ অভিযোগ,বিধায়কগৰাকীৰ অকৰ্মণ্যতাৰ বাবেই বৃহত্তৰ খোৱাং বাসীয়ে দুৰ্ভোগ ভুগিব লগা হৈছে ৷ বানাক্ৰান্ত ৰাইজে অতি শীঘ্ৰে বিভাগীয় মন্ত্ৰীক অঞ্চলটো পৰিদৰ্শন কৰি ৰাইজৰ দুখ-দুৰ্দশাৰ বুজ ল'বলৈ দাবী জনায় ৷

আনহাতে,বানাক্ৰান্ত ৰাইজৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ প্ৰশাসনৰ ফালৰ পৰা বানাক্ৰান্ত ৰাইজক কিছু খাদ্য-সামগ্ৰী যোগান ধৰা হৈছে যদিও সেইয়া পৰ্যাপ্ত নহয় বুলি অভিযোগ কৰিছে বানাক্ৰান্ত ৰাইজে ৷

লগতে পঢ়কঃশোচনীয় ৰাজ্যৰ বান পৰিস্থিতিঃ বান-ভূমিস্খলনত মৃত্যু 92 গৰাকীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.