ETV Bharat / state

গাঁও পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে আছুৰ প্ৰতিবাদ

author img

By

Published : Jul 8, 2020, 10:52 PM IST

ডিব্ৰুগড়ৰ মৰাণ বিধানসভা সমষ্টিৰ পঞ্চায়তৰ আঁচনিসমূহত হোৱা দুৰ্নীতিৰ অভিযোগ তুলি খোৱাং আছুৰ অভিনৱ প্ৰতিবাদ সাব্যস্ত ৷ বুধবাৰে স্থানীয় ৰাইজৰ সহযোগত খোৱাং আছুৱে ভঙা ৰিঙত পল মাৰি আৰু ভূঁই ৰুই সাব্যস্ত কৰে প্ৰতিবাদ ৷

গাঁও পঞ্চায়তৰ দুৰ্নীতিৰ বিৰুদ্ধে খোৱাং আছুৰ প্ৰতিবাদ

মৰাণ, 8 জুলাই : ডিব্ৰুগড়ৰ মৰাণ বিধানসভা সমষ্টিৰ পঞ্চায়তৰ আঁচনিসমূহত দেখিবলৈ পোৱা গৈছে আঁচনি ৰূপায়নৰ নামত দুৰ্নীতিৰ এখন মুকলি বজাৰ । মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ ঘনিষ্ঠ কিছু পঞ্চায়ত প্ৰতিনিধিয়ে ৰাইজৰ অভিযোগক অকণো গুৰুত্ব নিদি ৰাইজৰ আঁচনিৰ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে । এই ক্ষেত্ৰত নিমাত মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ ৷ এই অভিযোগ মৰাণৰ খোৱাং আছুৰ ৷

পঞ্চায়তত হোৱা ব্যাপক দুৰ্নীতি ৰোধ কৰাৰ দাবীত বুধবাৰে মৰাণ সমষ্টিৰ নাহৰণি গাঁও পঞ্চায়তৰ অন্তৰ্গত ন-পথাৰ গাঁ‌ৱত খোৱাং আঞ্চলিক ছাত্ৰ সন্থাই এক অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে । ন-পথাৰ গাঁ‌ৱৰ ডিমৌ নদীৰ কাষৰ এটা ৰিংবান্ধ নিৰ্মাণৰ পিছতে ৰিংবান্ধটোত বান্ধি দিয়া এটা কালভাৰ্ট সম্পূৰ্ণৰূপে খহি পৰাত ক্ষোভিত হৈ পৰে আছু ।

আছু সদস্যসকলৰ লগতে স্থানীয় ৰাইজে ভঙা ৰিংবান্ধটোত পল মাৰি আৰু ভূঁই ৰুই সাব্যস্ত কৰে প্ৰতিবাদ । ন-পথাৰ গাঁৱৰ ৰাইজৰ সহযোগত আছুৱে গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অঞ্চলটোৰ বহু সংখ্যক লোকে অংশগ্ৰহণ কৰাৰ লগতে বিজেপি চৰকাৰৰ বিৰুদ্ধে হাতে হাতে প'ষ্টাৰ লৈ বিভিন্ন শ্ল'গান দি প্ৰতিবাদস্থলী কঁ‌পাই তোলে ।

উল্লেখ্য যে, তথ্য জনাৰ অধিকাৰ আইন ধোঁৱা চাঙত তুলি কোনো নামফলক নলগোৱাকৈ পঞ্চায়তৰ পুঁজিৰে নিৰ্মাণ কৰা ৰিংবান্ধটোৰ নিৰ্মাণৰ পিছতে ডিমৌ নদীৰ বাঢ়নী পানীৰ ফলত চপৰা চপৰে বান্ধটো খহিবলৈ ধৰে । কেৱল ইমানেই নহয়, ৰিংবান্ধটোত অতি নিম্ন মানদণ্ডৰে নিৰ্মাণ কৰা এটা কালভাৰ্ট ডিমৌ নদীৰ বাঢ়নী পানীয়ে সম্পূৰ্ণৰূপে ছিঙি পেলায়, যাৰ ফলত ন-পথাৰ আৰু নাহৰণি গাঁ‌ৱৰ ৰাইজৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰে । গতিকে, সংশ্লিষ্ট কৰ্তৃপক্ষক এই সন্দৰ্ভত এক তদন্ত কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক : সমাজৰ বাবে সমৰ্পণৰ মনোভাৱঃ আদৰ্শ দেখুৱালে মৰিয়নিৰ অকনিহঁতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.