ডিব্ৰুগড়, 22 মে': ডিব্ৰুগড়ৰ ঐতিহাসিক কানৈ মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ শুকুৰবাৰে উক্ত কোৱাৰেইনটাইন কেন্দ্ৰটো পৰিদৰ্শন কৰি ৰাজ্যৰ কোৱাৰেন্টাইন কেন্দ্ৰ সমুহত থকা সকললৈ বিশেষ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কোনোৱে যেন কোৱাৰেন্টাইন কেন্দ্ৰত থকা সময়চোৱাত নিয়ম নীতি উলংঘা নকৰে তাৰ বাবে সকলোকে আহ্বান জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে মন্তব্য কৰে যে, সকলোৱে ঐক্যবদ্ধ ভাৱে শৃংখলবদ্ধ ভাৱে , সামাজিক দূৰত্ব ৰক্ষা কৰি কৰ'ণাৰ বিৰুদ্ধে যুঁজ দিব লাগিব ৷ লগতে সকলোকে স্বাস্থ্য বিভাগে প্ৰস্তুত কৰা নিয়ম নীতি নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
ইয়াৰ উপৰিও কৰ'ণাত আক্ৰান্ত কোনো ব্যক্তিৰ বিৰুদ্ধে কোনোৱেই যেন বেয়া ভাব মনত নাৰাখে তাৰ কাৰণে আহ্বান জনাই মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ উল্লেখ্য যে, ইয়াৰ পূৰ্বে মনোহাৰী দেৱী কানৈ বিজ্ঞান মহিলা মহাবিদ্যালয়ৰ কোৱাৰেন্টাইন কেন্দ্ৰটো পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়কঃ নগাঁৱত ১৫০ খন বিচনাযুক্ত কোভিড-১৯ চিকিৎসালয় উদ্ধোধন